চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী, অৱস্থা সুস্থিৰ
নতুন দিল্লী, ২৫ মাৰ্চ (হি.স.)। পেটৰ সংক্ৰমণৰ অসুবিধাৰ বাবে মঙলবাৰে নিশা দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক। চিকিৎসকৰ মতে বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ। বুধবাৰে চিকিৎসালয়খনে জাৰি কৰা বুলেটিন
कांग्रेस की पूर्व अध्यक्ष सोनिया गांधी


নতুন দিল্লী, ২৫ মাৰ্চ (হি.স.)। পেটৰ সংক্ৰমণৰ অসুবিধাৰ বাবে মঙলবাৰে নিশা দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক। চিকিৎসকৰ মতে বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ।

বুধবাৰে চিকিৎসালয়খনে জাৰি কৰা বুলেটিন অনুসৰি মঙলবাৰে নিশা ১০:২২ বজাত ছোনিয়া গান্ধীক ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰা হয়।

চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ অজয় স্বৰূপে এক বিবৃতিত কয় যে চিকিৎসকে তেওঁৰ অৱস্থাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। পেট আৰু প্ৰস্ৰাৱৰ নলীত সম্ভাৱ্য সংক্ৰমণৰ বাবে পৰীক্ষা কৰাকে ধৰি তাইৰ বিশদ পৰীক্ষা চলি আছে। চিকিৎসাৰ অংশ হিচাপে এন্টিবায়টিক গ্ৰহণ কৰি আছে । চিকিৎসালয়খনৰ এটা বিশেষজ্ঞ দলে তেওঁক নিৰীক্ষণ কৰি প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়াই আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande