
নতুন দিল্লী, ২৫ মাৰ্চ (হি.স.)। ভূমি অধিগ্ৰহণৰ গোচৰত কৃষকক সকাহ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত চলা বিচাৰপীঠে ২০১৩ চনৰ পূৰ্বে অধিগ্ৰহণ কৰা মাটিৰ বাবে বৃদ্ধি পোৱা ক্ষতিপূৰণ আৰু সুত দিব লাগে বুলি ৰায় দিয়ে । উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে কেৱল আৰ্থিক বোজাৰ ভিত্তিত কৃষকৰ ক্ষতিপূৰণ হ্ৰাস কৰিব নোৱাৰি।
ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই ২০১৩ চনৰ পূৰ্বে বিভিন্ন ঘাইপথ প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰা মাটিৰ বাবে বৃদ্ধি পোৱা ক্ষতিপূৰণ আৰু সুতৰ সন্দৰ্ভত পূৰ্বৰ সিদ্ধান্তসমূহ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল প্ৰায় ২৯,০০০ কোটি টকা।
উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে ২০১৫ চনৰ ২৮ মাৰ্চলৈকে যিকোনো মঞ্চৰ সন্মুখত বৰ্ধিত ক্ষতিপূৰণৰ গোচৰ চলি থকা মাটিৰ মালিকসকলেহে বৰ্ধিত সুত দাবী কৰাৰ অধিকাৰী হ’ব। এই তাৰিখৰ পৰা বিচাৰাধীন হৈ থকা গোচৰসমূহত আইন অনুসৰি বৰ্ধিত ক্ষতিপূৰণ আৰু সুত প্ৰদান কৰিব লাগে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া