
দক্ষিণ শালমাৰা মানকাচৰ, ২৫ মাৰ্চ (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ বেপাৰীপাৰা পাৰঘাটত এক অঘটন সংঘটিত হৈছে। এগৰাকী ৭০ বছৰ উৰ্দ্ধৰ বৃদ্ধ নদীত পৰি সন্ধানহীন হৈ পৰে ।
হাটশিঙিমাৰীৰ বেপাৰীপাৰা পাৰঘাটত যোৱা কালি মঙলবাৰে সন্ধিয়া এই দুৰ্ঘটনা ঘটনা সংঘটিত হৈছে। এগৰাকী ৭০ বছৰ উৰ্দ্ধৰ ব্যক্তি নাওৰ পৰা ব্ৰহ্মপুত্ৰ নদীত পৰি এতিয়ালৈকে সন্ধানহীন হৈ আছে । চৰৰ পৰা ঘাঁহ কাটি ঘৰলৈ উভতি অহাৰ সময়তে নাওৰ পৰা পানীত পৰি যায় বৃদ্ধজন। ঘটনাৰ পাছত স্থানীয় ৰাইজসহ আৰক্ষী আৰু এছডিআৰএফৰ দলে তৎপৰ হৈছে । সন্ধানহীন ব্যক্তিজনৰ সন্ধানৰ বাবে আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ