১০৫ নং বোকাখাত সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী হৰিপ্ৰসাদ শইকীয়াৰ প্ৰচাৰ
গোলাঘাট, ২৫ মাৰ্চ (হি.স.)। ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ । প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে মনোনময়ন দাখিল কৰাৰ পিচতেই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ । ১০৫ নং বোকাখাত সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী হৰিপ্ৰসাদ শইকীয়াই জোৰদাৰ কৰি তুলিছে প্ৰচাৰ অভিযান
১০৫ নং বোকাখাত সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী হৰিপ্ৰসাদ শইকীয়াৰ প্ৰচাৰ


গোলাঘাট, ২৫ মাৰ্চ (হি.স.)। ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ । প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে মনোনময়ন দাখিল কৰাৰ পিচতেই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ । ১০৫ নং বোকাখাত সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী হৰিপ্ৰসাদ শইকীয়াই জোৰদাৰ কৰি তুলিছে প্ৰচাৰ অভিযান ।

কাজিৰঙাত উপস্থিত হৈ প্ৰচাৰ চলায় প্ৰাৰ্থীগৰাকীয়ে । স্বাস্থ্য, যাতায়ত আৰু শিক্ষাৰ উন্নয়নত প্ৰাধান্য প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে । আনহাতে বোকাখাত সমষ্টিত যি ধৰণে উন্নয়ন হ’ব লাগিছিল সেই ধৰণৰ উন্নয়ন নহ’ল বুলি দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে ।

উল্লেখ্যে যে কাজিৰঙাত থকা প্ৰাৰ্থীগৰাকীৰ আত্মীয়, স্বজনৰ আশীৰ্বাদ আৰু সেৱা গ্ৰহণ কৰি সকলোৰে সহযোগিতা কামনা কৰে হৰিপ্ৰসাদ শইকীয়াই।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande