৩০ মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবিনৰ বোকাখাতত নিৰ্বাচনী প্ৰচাৰ
গোলাঘাট, ২৫ মাৰ্চ (হি.স.)। কাজিৰঙাত যোৱা কালি মঙলবাৰে নিশা উপস্থিত হয় অগপৰ সভাপতি তথা বোকাখাত সমষ্টিৰ অগপ প্ৰাৰ্থী অতুল বৰা।কাজিৰঙা দগাঁৱত অনুষ্ঠিত শ্ৰী শ্ৰী মদ্ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত থাকে অতুল বৰা। অনুষ্ঠানত অংশ লৈ অহা ৩০ মাৰ্চত বিজেপিৰ ৰ
৩০ মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবিনৰ বোকাখাতত নিৰ্বাচনী প্ৰচাৰ


গোলাঘাট, ২৫ মাৰ্চ (হি.স.)। কাজিৰঙাত যোৱা কালি মঙলবাৰে নিশা উপস্থিত হয় অগপৰ সভাপতি তথা বোকাখাত সমষ্টিৰ অগপ প্ৰাৰ্থী অতুল বৰা।কাজিৰঙা দগাঁৱত অনুষ্ঠিত শ্ৰী শ্ৰী মদ্ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত থাকে অতুল বৰা।

অনুষ্ঠানত অংশ লৈ অহা ৩০ মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবিন ডাঙৰীয়াই বোকাখাতত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি কয় অতুল বৰাই। আনহাতে বিৰোধীক প্ৰৰাস্ত কৰাৰ উদ্দেশ্যেই শিৱসাগৰত বন্ধুত্বমুলক প্ৰতিযোগিতাত প্ৰদীপ হাজৰিকা অৱতীৰ্ণ হ’ব বুলিও অতুল বৰাই ব্য়ক্ত কৰে । ইফালে সমষ্টিটোত প্ৰচাৰ অব্যাহত আছে বুলি উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande