
কোকৰাঝাৰ, ২৫ মাৰ্চ (হি.স.): আগন্তুক বিধানসভা নিৰ্বাচনত বিপিএফ দলৰ পৰা শিউলী মহিলাৰীয়ে সমষ্টিবাসী ৰাইজৰ লগত মত বিনিময় কৰি ফুৰিছে। বিভিন্ন অঞ্চলৰ ৰাইজে শিউলী মহিলাৰীৰ মতবিনিময় সভাত হিলদল ভাঙি উৎসাহেৰে অংশগ্ৰহণ কৰি শিউলী মহিলাৰী জিন্দাবাদ ধ্বনিৰে পৰিস্তিতি উত্তাল কৰি তোলে ।
শিউলী মহিলাৰীয়ে ৰাজনীতিত অহাৰ বহু আগৰে পৰাই ৰাইজৰ সুখে দুখে লগত থাকি সহায় কৰি অহা বুলিও মন্তব্য কৰে । প্ৰাক্তন বিধায়ক লৰেন্স ইছলাৰীৰ সমালোচনা কৰি শিউলীয়ে কয় যে বিগত পাঁচ বছৰত বিধায়ক ইছলাৰীয়ে এবাৰো খবৰ লোৱা নাই । এমএলএ আৰু জনসাধাৰণৰ মাজত যে সম্পৰ্ক এটা হ’ব লাগে, সেয়া একোৱেই হোৱা নাই বুলি কৈ লৰেন্স ইছলাৰীক এবাৰো দেখা পোৱা নাই বুলিও মন্তব্য কৰে ।
উল্লেখযোগ্য যে সমষ্টিটোৰ কেইবাটাও স্থানত শতাধিক লোকে বিপিএফত যোগদান কৰে। অনুষ্ঠানসমূহত শিউলী মহিলাৰীৰ লগতে বিটিচিৰ পৰিষদৰ বাওঁখুংগ্ৰী আৰু বনৰগাঁও সমষ্টিৰ দুজনকৈ পাৰিষদ, ছিএছবিৰ সদস্য অভিৰাম ৰায়, কেন্দ্ৰীয় ইউথ বিপিএফ'ৰ উপ সভাপতি প্ৰহ্ৰলাদ ব্ৰহ্মও উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ