
নতুন দিল্লী, ২৪ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত চলি থকা সংঘাতৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে বুধবাৰে সন্ধিয়া ৫ বজাত সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। । এই বৈঠক সংসদ ভৱনৰ পৰিশিষ্টত অনুষ্ঠিত হ’ব। সকলো দলৰ নেতাক সভালৈ আমন্ত্ৰণ জনোৱা হৈছে।
এই বৈঠকত পশ্চিম এছিয়াত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাই ভাৰতৰ ওপৰত কি প্ৰভাৱ পেলাব সেয়া আলোচনা কৰা হ’ব। ঘৰুৱা গেছ (এল পি জি) যোগান আৰু বজাৰৰ অস্থিৰ পৰিস্থিতি সন্দৰ্ভতো বিৰোধীৰ সৈতে আলোচনা কৰিব। কিন্তু চৰকাৰৰ ঘোৰ সমালোচক বিৰোধী নেতা ৰাহুল গান্ধীয়ে বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা নাই। গান্ধীয়ে নিজেই সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত উল্লেখ কৰিছে যে তেওঁ নিৰ্ধাৰিত সময় অনুসৰি কেৰালালৈ যাত্ৰা কৰিব।
উল্লেখযোগ্য যে বিৰোধী নেতাসকলে এই বিষয়ত চৰকাৰৰ স্থিতিক সমালোচনা কৰি অতি সোনকালে সৰ্বদলীয় বৈঠকৰ দাবী জনায়। মঙলবাৰে বিৰোধী নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে পশ্চিম এছিয়াৰ সংঘাত চৰকাৰে চম্ভালি লোৱাৰ সমালোচনা কৰে।
ৰাজ্যসভাৰ সাংসদ জন ব্ৰিটাছে ২০০৩ চনৰ ইৰাক যুদ্ধক গৰিহণা দি সংসদীয় প্ৰস্তাৱৰ উদ্ধৃতি দি ইৰাণৰ ক্ষেত্ৰতো একেধৰণৰ স্থিতি গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।
ইফালে মঙলবাৰে ৰাজ্যসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ শক্তি সুৰক্ষা আৰু পশ্চিম এছিয়াৰ সংঘাতৰ বহল প্ৰভাৱৰ বিষয়ে ভাষণ দিয়ে। তেওঁ সকলো ৰাজ্যকে কেন্দ্ৰীয় চৰকাৰৰ সৈতে একেলগে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এনে কঠিন সময়ত সংসদৰ উচ্চ সদনে শান্তি আৰু আলোচনাৰ এক ঐক্যবদ্ধ বাৰ্তা প্ৰেৰণ কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ পূৰ্বে সোমবাৰে লোকসভাত প্ৰধানমন্ত্ৰীয়ে পশ্চিম এছিয়াৰ সংকটৰ মোকাবিলা কৰিবলৈ চৰকাৰে লোৱা ব্যৱস্থাৰ ৰূপৰেখা দাঙি ধৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ