তামাৰহাটৰ বাসন্তীপুৰত ড্ৰাগছ সহ দুই সৰবৰাহকাৰী আটক
ধুবুৰী, ২৪ মাৰ্চ (হি.স.)। ধুবুৰী জিলাৰ তামাৰহাটৰ বাসন্তীপুৰত যোৱা কালি সোমবাৰে নিশা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায় । তামাৰহাট আৰক্ষীয়ে চলোৱা এই অভিযানত ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক কৰা হয় । আৰক্ষীয়ে আটক কৰা দুজনক ক্ৰমে মনিৰুল ইছলাম আৰু ৰ
তামাৰহাটৰ বাসন্তীপুৰত ড্ৰাগছ সহ দুই সৰবৰাহকাৰী আটক


ধুবুৰী, ২৪ মাৰ্চ (হি.স.)। ধুবুৰী জিলাৰ তামাৰহাটৰ বাসন্তীপুৰত যোৱা কালি সোমবাৰে নিশা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায় । তামাৰহাট আৰক্ষীয়ে চলোৱা এই অভিযানত ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক কৰা হয় ।

আৰক্ষীয়ে আটক কৰা দুজনক ক্ৰমে মনিৰুল ইছলাম আৰু ৰাজু ৰায় বুলি চিনাক্ত কৰা হৈছে। লগতে ধৃতদ্বয়ৰ পৰা জব্দ কৰা হয় ৯ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ । সৰবৰাহকাৰী দুটাৰ ঘৰ মুছলমানপাৰা (বাসন্তীপুৰ) গাঁৱত বুলি কোৱা হৈছে । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্য়াহত ৰাখিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande