মুখ্যমন্ত্ৰী, বিধান সভাৰ অধ্যক্ষ হোৱা বৰক্ষেত্ৰী সমষ্টিত আজিলৈ নহ'ল উন্নয়ন : আমিৰুল ইছলাম
নলবাৰী, ২৪ মাৰ্চ (হি.স.)। অন্ত পৰিল মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া । মনোনয়ন পত্ৰ দাখিল কৰিয়েই নিৰ্বচনী যুজত নামি পৰিছে নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আমিৰুল ইছলাম । জ্যেষ্ঠ জনৰ চৰণ চুই সেৱা লয় আমিৰুল ইছলামে । বৰক্ষেত্ৰীত তৃণমূ
মুখ্যমন্ত্ৰী, বিধান সভাৰ অধ্যক্ষ হোৱা বৰক্ষেত্ৰী সমষ্টিত আজিলৈ নহ'ল উন্নয়ন : আমিৰুল ইছলাম


নলবাৰী, ২৪ মাৰ্চ (হি.স.)। অন্ত পৰিল মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া । মনোনয়ন পত্ৰ দাখিল কৰিয়েই নিৰ্বচনী যুজত নামি পৰিছে নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আমিৰুল ইছলাম । জ্যেষ্ঠ জনৰ চৰণ চুই সেৱা লয় আমিৰুল ইছলামে ।

বৰক্ষেত্ৰীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আমিৰুল ইছলামে শাসক বিৰোধীক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বৰক্ষেত্ৰী সমষ্টিৰ পৰাই পুলকেশ বৰুৱাই বিধান সভাৰ অধ্যক্ষ হৈছিল, ডা: ভূমিধৰ বৰ্মন মুখ্যমন্ত্ৰী হৈছিল । কিন্তু আজিলৈকে সমষ্টিৰ কোনো উন্নয়ন নহ'ল বুলি আক্ষেপ প্ৰকাশ কৰি ৰাস্তা ঘাট, চিকিৎসা,শিক্ষা ব্যৱস্থাক লৈও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে তৃণমূলৰ প্ৰাৰ্থীগৰাকীয়ে । চৰ অঞ্চলৰ ৰাস্তা-ঘাট ভাল নহয় বুলি উল্লেখ কৰি আদৰ্শ আৰু নৈতিকতা বৰক্ষেত্ৰীত আছেনে বুলি প্ৰশ্ন উত্থাপন কৰি বৰক্ষেত্ৰীত এটা ইণ্ডাষ্ট্ৰী নাই, মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই বুলিও শাসক-বিৰোধীক তুলাধুনা প্ৰাৰ্থী গৰাকীৰ ।

উল্লেখ্য যে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আমিৰুল ইছলামে সোমবাৰে ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande