
চেন্নাই, ২৪ মাৰ্চ (হি.স.)। আগন্তুক তামিলনাডু বিধানসভা নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে শাসকীয় দ্ৰাবিদা মুনেত্ৰ কাঝাগমে নিজৰ মিত্ৰজোঁটৰ ভিতৰত আসন ভাগ-বতৰাৰ ব্যৱস্থা প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।
মঙলবাৰে ডি এম কে আৰু বিদুথলাই চিৰুথাইগাল কট্চি (ভিচিকে)ৰ মাজত আসন ভাগ-বতৰা চুক্তি চূড়ান্ত হয়। আনুষ্ঠানিকভাৱে এই চুক্তি মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনৰ উপস্থিতিত স্বাক্ষৰিত হয় ।
চুক্তি অনুসৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ভিচিকেক মুঠ ৮খন আসন আবণ্টন দিয়া হৈছে। ইয়াৰ ভিতৰত আছে ছখন সংৰক্ষিত আসন আৰু দুখন সাধাৰণ আসন। এই সিদ্ধান্ত আজি ডি এম কেৰ সভাপতি এম.কে. ষ্টেলিন আৰু ভিচিকেৰ মুৰব্বী থল থিৰুমাভালাৱনৰ মাজত অনুষ্ঠিত বৈঠকত অন্তত লোৱা হয়।
ইয়াৰ পূৰ্বে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ডি এম কে মিত্ৰতাৰ অংশ হিচাপে ভিচিকে মাত্ৰ ৬খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। এইবাৰ দলটোৱে অতিৰিক্ত দুখন আসন লাভ কৰি ৮খনলৈ বৃদ্ধি পাইছে।
মিত্ৰতা চুক্তিৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত থোল. থিৰুমাভালাভানে কয় যে ভিচিকে, বাওঁপন্থী আৰু মুছলমান দলসমূহক আবণ্টিত আসনৰ সংখ্যা কম যেন লাগিব পাৰে যদিও তেওঁৰ মতে ডিএমকে বাওঁপন্থী ৰাজনীতিক সুৰক্ষা দিছে। তেওঁ কয় যে এখন বা দুখন আসনক লৈ মিত্ৰজোঁটৰ ভিতৰত মতানৈক্য সৃষ্টি কৰাটো অনুচিত হ’ব, কিয়নো ইয়াৰ ফলত জয়ৰ সম্ভাৱনাৰ ক্ষতি হ’ব পাৰে।
লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে ভিচিকে এটা স্বীকৃতিপ্ৰাপ্ত দল আৰু আঠখন আসনৰ আটাইকেইখন আসনত ‘বাচন’ চিহ্নত প্ৰতিদ্বন্দ্বিতা কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া