তামাৰহাটৰ ধুবুৰী-কচুগাঁও সংযোগী গড়কাপ্তানী পথচোৱাই জীয়াতু ভোগাইছে ৰাইজৰ
ধুবুৰী, ২৪ মাৰ্চ (হি.স.)। নিৰ্বাচন আহে নিৰ্বাচন যায় কিন্তু সমাধান নহয় ৰাইজৰ সমস্যা । তাৰে এক বাস্তৱ উদাহৰণ তামাৰহাটৰ ধুবুৰী-কচুগাঁও সংযোগী গড়কাপ্তানী পথচোৱা । নিৰ্বাচনী বতৰত এই জৰাজীৰ্ণ পথচোৱাক লৈ ৰাইজৰ ক্ষোভ । কদৰ্যময় পথেৰে ভোট প্ৰদান কৰিবলৈ নাযায়
তামাৰহাটৰ ধুবুৰী-কচুগাঁও সংযোগী গড়কাপ্তানী পথচোৱাই জীয়াতু ভোগাইছে ৰাইজৰ


ধুবুৰী, ২৪ মাৰ্চ (হি.স.)। নিৰ্বাচন আহে নিৰ্বাচন যায় কিন্তু সমাধান নহয় ৰাইজৰ সমস্যা । তাৰে এক বাস্তৱ উদাহৰণ তামাৰহাটৰ ধুবুৰী-কচুগাঁও সংযোগী গড়কাপ্তানী পথচোৱা । নিৰ্বাচনী বতৰত এই জৰাজীৰ্ণ পথচোৱাক লৈ ৰাইজৰ ক্ষোভ । কদৰ্যময় পথেৰে ভোট প্ৰদান কৰিবলৈ নাযায় স্থানীয় ভোটাৰ ৰাইজ ।

কাৰণ এজাক বৰষুণতে কদৰ্য ৰূপ ধাৰণ কৰিছে পথটোৰ । পূৰ্বে গোঁসাইগাঁও বিধানসভা সমষ্টিৰ আৰু বৰ্তমান গৌৰীপুৰ বিধানসভা সমষ্টিৰ অধীনস্থ বৰজান বজাৰৰ মাজত পথছোৱাৰ জৰাজীৰ্ণ অৱস্থা। আনহাতে ৰূপসী এয়াৰপোৰ্ট লৈ যোৱা এয়া একমাত্ৰ পথ । জৰাজীৰ্ণ পথছোৱাৰ বাবে দীৰ্ঘদিনৰ পৰা যমৰ যাতনা ভূগি আহিছে সাধাৰণ পথচাৰী, যান বাহনৰ চালক যাত্ৰীসকলে । প্ৰতিবাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলৰ নেতাই অঞ্চললৈ আহে, প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু নেতা বা প্ৰাৰ্থীৰ প্ৰতিশ্ৰুতি হৈয়ে ৰয় । ৰাজনৈতিক নেতালৈ সেয়েহে ভোটাৰ ৰাইজৰ আহ্বান ভোট গ্ৰহণৰ পূৰ্বেই পথছোৱা মেৰামতি কৰাৰ অন্যথায় জৰাজীৰ্ণ পথেৰে ভোটদান কৰিবলৈ নাযায় স্থানীয় ভোটাৰ ৰাইজ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande