
শোণিতপুৰ, ২৪ মাৰ্চ (হি.স.)। ভাৰতৰ নিৰ্বাচন আয়োগে (ইচিআই) আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে বিশেষ নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া অৱসৰপ্ৰাপ্ত আই.এ.এছ বিষয়া মঞ্জিত সিঙে আজি শোণিতপুৰ জিলা পৰিদৰ্শন কৰি সামগ্ৰিক নিৰ্বাচনী প্ৰস্তুতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে।
জিলাখনত প্ৰৱেশ কৰাৰ পথত বিশেষ নিৰ্বাচনী পৰ্যবেক্ষকগৰাকীয়ে কলিয়াভোমোৰা দলঙৰ এফ.এছ.টি/এছ.এছ.টি চেকপইণ্টত ৰৈ নিৰীক্ষণ কৰা নথি-পত্ৰ সমূহ পৰীক্ষা কৰাৰ লগতে নিৰীক্ষণ আৰু বলবৎ ব্যৱস্থাৰ বৰ্তমান স্থিতি সম্পৰ্কে বিষয়াসকলৰ সৈতে মত বিনিময় কৰে।
তাৰ পিছত তেওঁ শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া (DEO), কাৰ্যালয়ত জিলা নিৰ্বাচনী বিষয়া আনন্দ কুমাৰ দাস আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত তেওঁ জিলাখনৰ সামগ্ৰীক ৰূপৰেখা পৰ্যালোচনা কৰাৰ লগতে বিষয়া নিয়োগ, নিৰ্বাচনী পৰিবহণ ব্যৱস্থা আৰু অন্যান্য প্ৰাৰম্ভিক ব্যৱস্থাসমূহসহ নিৰ্বাচনী প্ৰস্তুতিৰ বৰ্তমান স্থিতি মূল্যায়ন কৰে।
ইয়াৰ পিছত শ্ৰী সিঙে দৰং মহাবিদ্যালয়স্থিত নিৰ্বাচনী সামগ্ৰী বিতৰণ কেন্দ্ৰ পৰিদৰ্শন কৰি ষ্ট্ৰং ৰুমৰ ব্যৱস্থা, বিতৰণৰ কোষ সমূহৰ লগতে নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে গ্ৰহণ কৰা অন্যান্য ব্যৱস্থাসমূহৰ বুজ লয়।
ইয়াৰোপৰিও তেওঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (পূব), তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (পশ্চিম), ৰংমহল বিবাহ ভৱন (পূব) আৰু ৰংমহল বিবাহ ভবন (মধ্য) আদি ইতিমধ্যে নিৰ্দিষ্ট কৰা মহিলা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত তেওঁ মুক্ত, নিকা আৰু স্বচ্ছ নিৰ্বাচন নিশ্চিত কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা কঠোৰভাৱে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ