শোণিতপুৰৰ বেলশিৰি নৈৰ পাৰত ডিঙিত ৰচী বান্ধি থোৱা অৱস্থাত উদ্ধাৰ মাতৃ–পুত্ৰৰ মৃতদেহ
শোণিতপুৰ, ২৪ মাৰ্চ (হি.স.)। শোণিতপুৰ জিলাৰ ঠেলামৰা গৰুডোৱা ভৰাশিঙৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ কনমানি মাতৃপুত্ৰক হত্যাকৰি বেলশিৰি নৈৰ পাৰত পেলাই থলে হত্যাকাৰীয়ে ৷ উল্লেখ্য় যে ডিঙিত ৰচী বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মাতৃপুত্ৰৰ মৃতদেহ ৷ মাতৃ
শোণিতপুৰৰ বেলশিৰি নৈৰ পাৰত ডিঙিত ৰচী বান্ধি থোৱা অৱস্থাত উদ্ধাৰ মাতৃ–পুত্ৰৰ মৃতদেহ


শোণিতপুৰ, ২৪ মাৰ্চ (হি.স.)। শোণিতপুৰ জিলাৰ ঠেলামৰা গৰুডোৱা ভৰাশিঙৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ কনমানি মাতৃপুত্ৰক হত্যাকৰি বেলশিৰি নৈৰ পাৰত পেলাই থলে হত্যাকাৰীয়ে ৷

উল্লেখ্য় যে ডিঙিত ৰচী বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মাতৃপুত্ৰৰ মৃতদেহ ৷ মাতৃ চকিমা খাতুন আৰু ২ বছৰীয়া পুত্ৰ সন্তান চাকিনুৰ ইছলামৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ এইদৰে মাতৃ–পুত্ৰক কোনে হত্য়া কৰিলে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande