
বাক্সা, ২৪ মাৰ্চ (হি.স.)। বাক্সাৰ শালবাৰীস্থিত বাথৌ মন্দিৰত সিজু গছ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত ৪১ নং মানাহ বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীয়ে অংশগ্রহণ কৰে । কাৰ্যসূচীত অংশগ্ৰহণ কৰি আনন্দ ব্যক্ত কৰে বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীয়ে ।
সমাগত বিধানসভা নিৰ্বাচনত মানাহ সমষ্টিত তেওঁ ১ লাখতকৈ অধিক ভোটত জয়ী হ'ব বুলি মন্তব্য কৰে। আনহাতে এইবাৰৰ নিৰ্বাচনাৰ পৰাই ইউপিপিএল নিশেষ হৈ যাব বুলিও মন্তব্য কৰে থানেশ্বৰ বসুমতাৰীয়ে ।
আজিৰ কাৰ্যসূচীত থানেশ্বৰ বসুমতাৰীৰ লগত অঞ্চলটোৰ কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা