
গুৱাহাটী, ২৪ মাৰ্চ (হি.স.)। অসম বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ লগতে ভোটাৰক বিপথে পৰিচালিত কৰাৰ লক্ষ্যৰে এটা চক্ৰ সক্ৰিয় হৈ পৰিছে ৷ চক্ৰটোৱে ছ’চিয়েল মিডিয়াত অসংখ্য ভুৱা আৰু এআই জেনেৰেটেড পোষ্ট প্ৰচাৰ কৰি আছে বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে আজি এখন প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ।
আনকি, শেহতীয়াকৈ বিজেপি দলৰ টিকট বিতৰণ সন্দৰ্ভত এখন ভুৱা চিঠি পূজনীয় সৰসংঘচালকৰ নামত ভাইৰেল হৈ পৰে। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰ প্ৰমুখৰ নামত আন এটা ভুৱা বাৰ্তাও প্ৰচাৰিত হৈছে ৷ উক্ত ভুৱা বাৰ্তাটোত আৰ এছ এছে অসমত মাংস খোৱা নিষিদ্ধ কৰিব বিচাৰে বুলি দাবী কৰা হৈছে ৷ উক্ত বিষয় সমূহ সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে স্পষ্ট কৰি দিয়ে যে এই সকলোবোৰ চিঠি আৰু পোষ্ট সম্পূৰ্ণ ভুৱা, ভিত্তিহীন আৰু আৰ এছ এছৰ লগত কোনো সম্পৰ্ক নাই । সমাজত বিভ্ৰান্তি আৰু উত্তেজনা সৃষ্টি কৰাৰ লগতে মিছা তথ্য বিয়পাই নিৰ্বাচনী পৰিবেশ বিনষ্ট কৰাৰ এক ইচ্ছাকৃত প্ৰয়াসৰ বাহিৰে আন একো নহয় বুলি কিশোৰ শিৱমে মন্তব্য কৰে ৷
ইতিমধ্যে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক গৰাকীৰ নামত প্ৰচাৰিত ভুৱা চিঠি বিষয়টোক সংঘই গুৰুত্বসহকাৰে লৈ গুৱাহাটী মহানগৰ সংঘচালক গুৰু প্ৰসাদ মেধিয়ে গুৱাহাটী চাইবাৰ চেল আৰু দিল্লী চাইবাৰ চেলত এজাহাৰ দাখিল কৰি দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । সন্দেহজনক উৎসৰ পৰা অহা কোনো তথ্যক বিশ্বাস নকৰিবলৈ আৰু পৰীক্ষণ অবিহনে শ্বেয়াৰ নকৰিবলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ গৰাকীয়ে এখন প্ৰেছ বিজ্ঞপ্তিযোগে সকলো ৰাইজকে আহ্বান জনাইছে । শ্বেয়াৰ কৰাৰ আগতে পৰীক্ষা কৰক — ভুৱা বাতৰিৰ প্ৰচাৰৰ মাধ্যম নহ’ব বুলিও প্ৰচাৰ প্ৰমুখ গৰাকীয়ে প্ৰেছ বিজ্ঞপ্তিখনত উল্লেখ কৰে ৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী