
নগাঁও, ২৪ মাৰ্চ (হি.স.)। বঢ়মপুৰত জাতীয় পৰিষদক কটাক্ষ মন্ত্ৰী পিয়ুজ হাজৰিকাৰ । বঢ়মপুৰৰ ৰাইজে গমেই নাপায় জাতীয় পৰিষদে ভোট যুদ্ধত অৱৰ্তীন হৈছে বুলি ।
বঢ়মপুৰৰ মহিলা সকলক ৰাজেন গোহাঁইক ভোট নিদিবলৈ আহ্বান । মহিলা সকলে বুজি পাইছে মই কিয় কৈছোঁ ।ৰাজেন গোহাঁইয়ে মহিলা সকলক অসন্মান কৰে । ৰকিবুল হুছেইনক মধ্য অসমৰ ৰাইজে বেয়া পায় ।সেয়েহে কংগ্ৰেছ দলৰ নেতা সকলে বিজেপিত যোগদান কৰিছে ।
অসমৰ দুশ বছৰীয়া চাহ উদ্যোগটো আগুৱাই নিয়াত বিজেপি চৰকাৰৰ বহু অৰিহণা আছে । জিতু গোস্বামীয়ে মোৰ লগত কাজিয়া কৰি কৰি আঁচনি আনে ।বঢ়মপুৰত জিতু গোস্বামী পুনৰ বিপুল ভোটত জয়লাভ কৰিব । এইবাৰ বিজেপি চৰকাৰ আহিলে বঢ়মপুৰত কেইবাটাও উদ্যোগ গঢ়ি উঠিব ।
বঢ়মপুৰ সমষ্টিৰ পুৰণিগুদামত অনুষ্ঠিত বিজেপিৰ যোগদান সভাত মন্ত্ৰী পিয়ুজ হাজৰিকাৰ উপস্থিতিত বহুকেইজন কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু