
গোলাঘাট, ২৪ মাৰ্চ (হি.স.)। দেৰগাঁও পৌৰসভাৰ প্ৰাক্তন পৌৰপতি তথা বৰ্তমানৰ ৱাৰ্ড কমিচনাৰ ৰূপাঞ্জলি বৰাৰ ঘৰত চুৰিকাণ্ড।
চোৰে লুট-পাত চলালে সমগ্ৰ ঘৰটোত । সোণৰ গহনাৰ লগত চুৰে লৈ যায় নগদ ত্ৰিশ হাজাৰ টকা । জানিব পৰা অনুসৰি চোৰে তলা ভাঙি প্ৰৱেশ কৰে ঘৰত । ইফালে এই চুৰিৰ ঘটনাৰ বিষয়ে পৰিয়াল তথা ওচৰ চুবুৰীয়াই আৰক্ষীক দিয়ে। খবৰ লাভ কৰিয়েই দেৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । এগৰাকী জন প্ৰতিনিধিৰ ঘৰতে এনে চুৰিকাণ্ড সংঘটিত হোৱাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা