
মানকাচৰ, ২৪ মাৰ্চ (হি.স.)। মানকাচৰত নিৰ্বাচনী ফ্লাইং স্কোৱাডৰ অভিযান। নথি অবিহনে কঢ়িওৱা ৬৮ হাজাৰ টকা জব্দ। ৰাজ্যত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে সক্ৰিয় হৈ উঠিছে প্ৰশাসন। নিৰ্বাচনী আচৰণ বিধি উলংঘা ৰোধ কৰিবলৈ গঠন কৰা ফ্লাইং স্কুৱাড (Flying Squad)ৰ দলে আজি মানকাচৰত এক অভিযান চলাই বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়।
আজি মানকাচৰৰ ডাকেৰ গাঁও এলেকাত নাজিৰ হোছেইনৰ নেতৃত্বত ফ্লাইং স্কুৱাডৰ দলে নিয়মীয়া তালাচী চলাই থকাৰ সময়তে এখন 'মেজিক' বাহনত তালাচী চলায়। তালাচী কালত বাহনখনত থকা এগৰাকী ব্যক্তিৰ পৰা নগদ ৬৮,০০০ (আঠষষ্ঠী হাজাৰ) টকা উদ্ধাৰ কৰা হয়। উক্ত ধনখিনিৰ সপক্ষে ব্যক্তিগৰাকীয়ে কোনো বৈধ নথিপত্ৰ দেখুৱাবলৈ সক্ষম নোহোৱাত উক্ত দল টোৱে তৎক্ষণাত ধনখিনি জব্দ কৰে।
উল্লেখ্য যে, নিৰ্বাচনৰ সময়ত ক'লা ধনৰ প্ৰয়োভৰ ৰোধ কৰিবলৈ নিৰ্বাচনী আয়োগে কঠোৰ নিয়ম আৰোপ কৰিছে। নিৰ্দেশনা অনুসৰি:
উপযুক্ত নথিপত্ৰ অবিহনে কোনো ব্যক্তিয়েই নগদ ৫০,০০০ টকাতকৈ অধিক ধন লগত লৈ ফুৰিব নোৱাৰিব। যদিহে কোনো ব্যক্তিৰ ওচৰত ৫০ হাজাৰৰ অধিক ধন পোৱা যায় আৰু তাৰ সঠিক উৎস বা নথিপত্ৰ নাথাকে, তেন্তে ফ্লাইং স্কুৱাডৰ দলে উক্ত ধন জব্দ কৰিব।
প্ৰশাসনে ৰাইজক সজাগ হ’বলৈ আৰু নিৰ্বাচনী বিধি মানি চলিবলৈ আহ্বান জনাইছে। বিশেষকৈ ব্যৱসায়ী বা জৰুৰী কামত ধন কঢ়িওৱা লোকসকলক উপযুক্ত বেংকৰ নথি বা প্ৰমাণপত্ৰ লগত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু