ধুবুৰীত বাদে কোনো সমষ্টিতে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দী নাই–ভবেশ কলিতা
কামৰূপ, ২৪ মাৰ্চ (হি.স.)। ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। কোনোৱে যদি চাইকেল চলাই,কোনোৱে নাঁচি-বাগি, কোনোৱে আকৌ বিহু গীতেৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ।এই দৃশ্য নৱ-গঠিত ৰঙিয়া বিধান সভা সমষ্টিৰ মনাহকুছিৰ। ভোটাৰ ৰাইজৰ মাজত বিহু গীত গায় এনেদৰে নিৰ্বাচনী
ধুবুৰীত বাদে কোনো সমষ্টিতে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দী নাই–ভবেশ কলিতা


কামৰূপ, ২৪ মাৰ্চ (হি.স.)। ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। কোনোৱে যদি চাইকেল চলাই,কোনোৱে নাঁচি-বাগি, কোনোৱে আকৌ বিহু গীতেৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ।এই দৃশ্য নৱ-গঠিত ৰঙিয়া বিধান সভা সমষ্টিৰ মনাহকুছিৰ। ভোটাৰ ৰাইজৰ মাজত বিহু গীত গায় এনেদৰে নিৰ্বাচনী প্ৰচাৰ সভাত দেখা গ'ল ৰঙিয়া বিধান সভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ভৱেশ কলিতাক।

যোৱাকালি মনোনয়ন দাখিলৰ অন্তিম দিনটোৰ পিছতে প্ৰাৰ্থী সকল সোমাই পৰিছে ভোটাৰ ৰাইজৰ মাজত।ধুবুৰীত বাদে কোনো সমষ্টিতে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দী নাই বুলি মন্তব্য কৰিলে ভবেশ কলিতাই। এইবাৰৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৱাক্ অভাৰত জয়ী হ'ব বুলিও কলে ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande