দুলীয়াজান টেঙাখাতত তিনি বছৰীয়া শিশুৰ কংকাল উদ্ধাৰ
ডিব্ৰুগড়, ২৪ মাৰ্চ (হি.স.)। দুলীয়াজানৰ টেঙাখাতত চাঞ্চল্যৰ ঘটনা । তিনি বছৰীয়া শিশুৰ কংকাল উদ্ধাৰ। টেঙাখাতৰ হাবি চৰাই চুঙী গাঁৱত এই ঘটনা । জানিবপৰা মতে যোৱা ২২ ফেব্ৰুৱাৰীত নিজ বাসগৃহৰ পৰা সন্ধানহীন হৈ আছিল তিনি বছৰীয়া কন্যা শিশুটি। পৰিয়ালৰ লোকৰ
দুলীয়াজান টেঙাখাতত তিনি বছৰীয়া শিশুৰ কংকাল উদ্ধাৰ


ডিব্ৰুগড়, ২৪ মাৰ্চ (হি.স.)। দুলীয়াজানৰ টেঙাখাতত চাঞ্চল্যৰ ঘটনা । তিনি বছৰীয়া শিশুৰ কংকাল উদ্ধাৰ। টেঙাখাতৰ হাবি চৰাই চুঙী গাঁৱত এই ঘটনা । জানিবপৰা মতে যোৱা ২২ ফেব্ৰুৱাৰীত নিজ বাসগৃহৰ পৰা সন্ধানহীন হৈ আছিল তিনি বছৰীয়া কন্যা শিশুটি। পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে শিশুটিৰ বিভিন্ন স্থানত সন্ধান কৰিছিল যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাছিল।

ইফালে আৰক্ষীক ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল যদিও কোনো সুফল লাভ কৰা নাছিল। মংগলবাৰে নিজ পিতৃয়ে ঘৰৰ সমীপৰ এখন হাবিত শাক বিচাৰিবলৈ যোৱাৰ সময়তে মাটিত পুতি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰিছিল কংকালটো। ঘটনাস্থলীত আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে কংকালটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কংকালটোৰ ডিঙিত থকা এটা মণিৰ পৰাই পৰিয়ালৰ লোকে কংকালটো চিনাক্ত কৰে । উদ্ধাৰ হোৱা কংকালটো টেঙাখাত হাবি চৰাই চুঙী গাঁৱৰ ৰাজ মুড়া ওৰফে গংগাৰামৰ একমাত্ৰ তিনি বছৰীয়া কন্যা আমাশী মুড়া বুলি চিনাক্ত কৰিবলৈ সক্ষম হয়। স্থানীয় ৰাইজ তথা স্থানীয় দল-সংগঠনে কণমানি শিশুটিক দুস্কৃতিকাৰীয়ে পৰিকল্পিতভাৱে অতি নিৰ্মমভাৱে হত্যা কৰি পিচত মৃতদেহটো পুতি থোৱা বুলি দাবী কৰিছে । শেহতীয়াকৈ আৰক্ষীয়ে উদ্ধাৰ হোৱা কংকালটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত কোনো আটক কৰিবলৈ সক্ষম হোৱা নাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande