বক্স অফিচত অব্যাহত আছে ধুৰন্ধৰ ২ৰ আকৰ্ষণীয় দৌৰ
বলীউড অভিনেতা ৰণবীৰ সিঙৰ ছবি ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জ বক্স অফিচত ব্যতিক্ৰমীভাৱে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে। মুক্তিৰ পিছৰে পৰা ছবিখনে নতুন উপাৰ্জনৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে আৰু এতিয়া মাত্ৰ পাঁচ দিনৰ ভিতৰতে ₹৫০০ কোটি টকাৰ ক্লাবত যোগদান কৰি ইতিহ
रणवीर सिंह - फोटो सोर्स एक्स


বলীউড অভিনেতা ৰণবীৰ সিঙৰ ছবি ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জ বক্স অফিচত ব্যতিক্ৰমীভাৱে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে। মুক্তিৰ পিছৰে পৰা ছবিখনে নতুন উপাৰ্জনৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে আৰু এতিয়া মাত্ৰ পাঁচ দিনৰ ভিতৰতে ₹৫০০ কোটি টকাৰ ক্লাবত যোগদান কৰি ইতিহাস ৰচনা কৰিছে। দৰ্শকৰ পৰা পোৱা আপ্লুত সঁহাৰিয়ে ছবি নিৰ্মাতাসকলৰ বাবে টকা ছপা মেচিন বুলি প্ৰমাণিত হৈছে।

ট্ৰেড ৰিপ’ৰ্ট অনুসৰি পঞ্চম দিন সোমবাৰে ছবিখনে ৬৫ কোটি টকা উপাৰ্জন কৰে। যদিও উইকেণ্ডৰ তুলনাত উপাৰ্জন হ্ৰাস পাইছে, তথাপিও ছবিখনৰ গতিবেগ শক্তিশালী হৈয়ে আছে। ইয়াৰ পূৰ্বে ছবিখনে তৃতীয় দিনা ১১৩ কোটি আৰু চতুৰ্থ দিনা ১১৪.৮৫ কোটি টকা উপাৰ্জন কৰিছিল। পাঁচ দিনত ছবিখনৰ মুঠ ঘৰুৱা সংগ্ৰহ ৫১৯.১২ কোটি ₹ হোৱাৰ বিপৰীতে বিশ্বব্যাপী উপাৰ্জন ₹৮২৯.৭৬ কোটি হৈছেগৈ।

ইফালে পৱন কল্যাণৰ ছবি উস্তাদ ভগত সিং বক্স অফিচত বিপৰ্যয়ৰ সন্মুখীন হৈছে। প্ৰথম দিনাই ৩৪.৭৫ কোটি টকাৰে মুকলি হোৱাৰ পিছত ছবিখনৰ উপাৰ্জন ক্ৰমাগতভাৱে হ্ৰাস পাইছে। পঞ্চম দিনা ছবিখনে মাত্ৰ ১.৯৬ কোটি টকা উপাৰ্জন কৰি মুঠ সংগ্ৰহ ৬২.২৬ কোটি টকা হয়। ছবিখনত ৰাছি খান্না আৰু শ্ৰীলীলাইও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande