ঢেকিয়াজুলিৰ প্ৰাৰ্থী সিংহল আৰু বাতাচৰ মনোনয়ন পত্ৰত বিসংগতিৰ অভিযোগ
শোণিতপুৰৰ চাৰিটা সমষ্টিৰ ১৯জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণাঃ ঢেকিয়াজুলিৰ ১০জন প্ৰাৰ্থীৰ মনোনয়ৰ বৈধতা ঘোষণাত স্থগিতাদেশ শোণিতপুৰ, ২৪ মাৰ্চ (হি.স.)। শোণিতপুৰৰ পাঁচটা বিধান সভা সমষ্টিৰ ভিতৰত ঢেকিয়াজুলি বিধান সভা সমষ্টিৰ নিৰ্বাচনী প্ৰাৰ্থী সকলৰ মনোনয়নৰ ব
ঢেকিয়াজুলিৰ প্ৰাৰ্থী সিংহল আৰু বাতাচৰ মনোনয়ন পত্ৰত বিসংগতিৰ অভিযোগ


শোণিতপুৰৰ চাৰিটা সমষ্টিৰ ১৯জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণাঃ ঢেকিয়াজুলিৰ ১০জন প্ৰাৰ্থীৰ মনোনয়ৰ বৈধতা ঘোষণাত স্থগিতাদেশ

শোণিতপুৰ, ২৪ মাৰ্চ (হি.স.)। শোণিতপুৰৰ পাঁচটা বিধান সভা সমষ্টিৰ ভিতৰত ঢেকিয়াজুলি বিধান সভা সমষ্টিৰ নিৰ্বাচনী প্ৰাৰ্থী সকলৰ মনোনয়নৰ বৈধতা পৰীক্ষাৰ ফলাফল ঘোষণা আজি স্থগিত ৰখা হৈছে ৷ এই কথা প্ৰকাশ কৰিছে জিলা নিৰ্বাচনী বিষয়াই ৷

উল্লেখযোগ্য যে, ঢেকিয়াজুলি সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অশোক আনন্দ সিংহলৰ মনোনয়নত প্ৰাৰ্থীৰ ফটো সংলগ্ন নকৰা, পৃষ্ঠাত কটা চিহ্ন থকা আদি বিষয়ে অভিযোগ দাখিল কৰে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী বাতাচ ওৰাঙে ৷ আনহাতে কংগ্ৰেছ প্ৰাৰ্থী বাতাচ ওৰাঙৰ মনোনয়নৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰিছে বিজেপি প্ৰাৰ্থী সিংহলে ৷ ওৰাঙৰ মনোনয়নতো সম্পত্তিৰ তালিকাত বেংক ঋণৰ অংশ উল্লেখ কৰাকে ধৰি একাধিক বিসংগতি থকাৰ লগতে তেওঁ নিৰ্দলীয় প্ৰাৰ্থী শিতানটো কৰ্তন কৰা নাই বুলি অভিযোগ উঠিছে ৷ এনে অভিযোগৰ বাবে দুইজন প্ৰাৰ্থীলৈ নিৰ্বাচনী বিষয়াই কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ লগতে কাইলৈ দিনৰ ১১বজালৈকে ঢেকিয়াজুলি সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন প্ৰদান কৰা সকলো প্ৰাৰ্থীৰ মনোনয়নৰ বৈধতা ঘোষণা স্থগিত ৰখা হৈছে ৷

উল্লেখযোগ্য যে,আজি সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰৰ পাঁচটা বিধানসভা সমষ্টিৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হয় । শোণিতপুৰৰ ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা আৰু নদুৱাৰ সমষ্টিত মুঠ ২৯ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল ৷ ইয়াৰে ভিতৰত আজি বৰছলা, তেজপুৰ, ৰঙাপৰা আৰু নদুৱাৰৰ ১৯ জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰা হয় ৷ উল্লেখযোগ্য যে, ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিজেপি আৰু কংগ্ৰেছ প্ৰাৰ্থী দুজনৰ মনোনয়নক লৈ উত্থাপিত অভিযোগৰ বাবেই সমষ্টিটোৰ ১০ জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত দুই প্ৰাৰ্থীৰ বৈধতা ঘোষণা স্থগিত ৰাখে।

আনহাতে আজি মনোনয়ন পৰীক্ষাৰ অন্তত শোণিতপুৰৰ ৬৬নম্বৰ বৰছলা বিধানসভা সমষ্টিৰ বিজেপিৰ ঋতুবৰণ শৰ্মা, জাতীয় কংগ্ৰেছৰ ৰিপুন বৰা, এছ ইউ চি আইৰ চম্পা কুৰ্মী, ভি পি আইৰ মহেন্দ্ৰ ওৰাং, গণ সুৰক্ষা পাৰ্টীৰ যছোৱা বাৰ্জ, ঝাৰখণ্ড মুক্তি মৰ্চাৰ আবুল মাজান, ইউ পি পি এলৰ বাবুৰাম বসুমতাৰী, নিৰ্দলীয় প্ৰাৰ্থী মনোজ বৰাৰ মনোনয়ন বৈধ ঘোষণা কৰা হৈছে ৷

একেদৰে ৬৭ নম্বৰ তেজপুৰ বিধান সভা সমষ্টিত এছ ইউ চি আইৰ নয়নমনি চৌধুৰী, অগপৰ পৃথ্বিৰাজ ৰাভা, ৰাইজৰ দল তথা কংগ্ৰেছ মিত্ৰ জোঁটৰ অলক নাথ, নিৰ্দলীয় পল্লৱী শইকীয়াৰো মনোনয়ন বৈধ ঘোষণা কৰা হয় ৷ আনহাতে, ৬৮ নম্বৰ ৰঙাপৰা বিধান সভা সমষ্টিত বিজেপিৰ কৃষ্ণ কমল তাঁতী, জাতীয় কংগ্ৰেছৰ কাৰ্তিক কুৰ্মী, ভিপিআই দলৰ মহেন্দ্ৰ ওৰাং, জন মুক্তি মৰ্চাৰ মেথিউ তপ্ন, নিৰ্দলীয় গিৰীন্দ্ৰ কুমাৰ ভূঞাৰ মনোনয়ন বৈধ ঘোষণা কৰাৰ লগতে ৬৯ নম্বৰ নদুৱাৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকা আৰু জাতীয় কংগ্ৰেছৰ সুনীল ছেত্ৰীৰো মনোনয়ন বৈধ ঘোষণা কৰে।

প্ৰণিধানযোগ্য যে, মনোনয়ন পত্ৰৰ প্ৰত্যাহৰৰ দিন ২৬ মাৰ্চ আৰু সেইদিনাই জিলাখনৰ প্ৰকৃত প্ৰাৰ্থীৰ সংখ্যা নিশ্চিত হ’ব ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande