ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী মতিউৰ ৰহমানক খিলঞ্জীয়া গাঁৱত নিষিদ্ধ ঘোষণা কৰিছে বীৰ লাচিত সেনাই
নগাঁও, ২৪ মাৰ্চ (হি.স.)। ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী মতিউৰ ৰহমানক খিলঞ্জীয়া গাঁৱত নিষিদ্ধ ঘোষণা কৰিছে বীৰ লাচিত সেনাই। উল্লেখযোগ্য যে, ধিং সমষ্টিৰ এই প্ৰাৰ্থীগৰাকীয়ে বিগত সময়ত সংঘটিত ধিং কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। ধিং কাণ্ডক ‘কা
ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী মতিউৰ ৰহমানক খিলঞ্জীয়া গাঁৱত নিষিদ্ধ ঘোষণা কৰিছে বীৰ লাচিত সেনাই


নগাঁও, ২৪ মাৰ্চ (হি.স.)। ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী মতিউৰ ৰহমানক খিলঞ্জীয়া গাঁৱত নিষিদ্ধ ঘোষণা কৰিছে বীৰ লাচিত সেনাই।

উল্লেখযোগ্য যে, ধিং সমষ্টিৰ এই প্ৰাৰ্থীগৰাকীয়ে বিগত সময়ত সংঘটিত ধিং কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। ধিং কাণ্ডক ‘কাল্পনিক’ আখ্যা দি, সমগ্ৰ ঘটনাক চৰকাৰৰ এক নাটক বুলি সাংবাদিকৰ আগত মন্তব্য আগবঢ়াইছিল মতিউৰ ৰহমানে।

এই মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে আছু, নাৰী সুৰক্ষা সমিতি আৰু বীৰ লাচিত সেনাৰ ধিং আঞ্চলিক সমিতি। ইতিমধ্যে বিভিন্ন খিলঞ্জীয়া সংগঠনে ৰাজ্যিক নিৰ্বাচন আয়োগক মতিউৰ ৰহমানৰ মনোনয়ন বাতিল কৰিবলৈ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande