
নলবাৰী, ২৩ মাৰ্চ (হি.স.)। মনোনয়ন পত্ৰ দাখিলৰ বাবে বিশাল ৰেলিৰে টিহু সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰী নলবাৰীলৈ ৰাওনা।
মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিমটো দিন । অন্তিম দিনটোতে নৱগঠিত টিহু সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰী, বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰী আৰু নিৰ্দলীয় প্ৰাৰ্থী ভাৰত ৰাজবংশীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব ।
কৈঠালকুছিত হাইস্কুল খেল পথাৰত সমষ্টিৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছ নেতা কৰ্মী সমবেত হৈ নখন সুসজ্জিত বাহনত কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীক লৈ এটা বৃহৎ সমদলেৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ নলবাৰীলৈ ৰাওনা হয় ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা