অষ্টম বাৰ্ষিক বঁটা ২০২৫ৰ বাবে মনোনীত ঘোষণা হকী ইণ্ডিয়াৰ
নতুন দিল্লী, ২৩ মাৰ্চ (হি.স.)। হকী ইণ্ডিয়াই সোমবাৰে অষ্টম বাৰ্ষিক বঁটা ২০২৫ ৰ বাবে মনোনীতসকলৰ তালিকা প্ৰকাশ কৰে। ২০২৬ চনৰ ২৭ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানত ২০২৫ চনৰ ভিতৰত ভাৰতীয় হকীৰ প্ৰতি অসাধাৰণ প্ৰদৰ্শন আৰু অৱদ
सलीमा टेटे


নতুন দিল্লী, ২৩ মাৰ্চ (হি.স.)। হকী ইণ্ডিয়াই সোমবাৰে অষ্টম বাৰ্ষিক বঁটা ২০২৫ ৰ বাবে মনোনীতসকলৰ তালিকা প্ৰকাশ কৰে। ২০২৬ চনৰ ২৭ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানত ২০২৫ চনৰ ভিতৰত ভাৰতীয় হকীৰ প্ৰতি অসাধাৰণ প্ৰদৰ্শন আৰু অৱদান আগবঢ়োৱা খেলুৱৈ আৰু বিষয়াসকলক সন্মান জনোৱা হ’ব।

এই অনুষ্ঠানত মূল বঁটাসমূহৰ ভিতৰত হকী ইণ্ডিয়া বলবীৰ সিং চিনিয়ৰ প্লেয়াৰ অৱ দ্য ইয়েৰ বঁটা, যিটো পুৰুষ আৰু মহিলা শাখাৰ শ্ৰেষ্ঠ খেলুৱৈক প্ৰদান কৰা হ’ব। উদীয়মান প্ৰতিভাক হকী ইণ্ডিয়া জুগ্ৰাজ সিং ইমাৰ্জিং প্লেয়াৰ অৱ দ্য ইয়েৰ (পুৰুষ ২১ বছৰ অনুৰ্ধ) আৰু হকী ইণ্ডিয়া অসুন্ত লাক্ৰা ইমাৰ্জিং প্লেয়াৰ অৱ দ্য ইয়েৰ (মহিলা ২১ বছৰ অনুৰ্ধ) বঁটাৰে সন্মানিত কৰা হ’ব।

বিভিন্ন স্থানত অসাধাৰণ প্ৰদৰ্শনৰ বাবে ‘হকী ইণ্ডিয়া বলজিৎ সিং বছৰৰ শ্ৰেষ্ঠ গ’লৰক্ষক’, ‘হকী ইণ্ডিয়া পৰগত সিং বছৰৰ শ্ৰেষ্ঠ ডিফেণ্ডাৰ’, ‘হকী ইণ্ডিয়া অজিত পাল সিং বছৰৰ শ্ৰেষ্ঠ মিডফিল্ডাৰ’, আৰু ‘হকী ইণ্ডিয়া ধনৰাজ পিল্লাই বছৰৰ শ্ৰেষ্ঠ ফৰৱাৰ্ড’ বঁটাও প্ৰদান কৰা হ’ব। এই আঠটা শাখাত মুঠ ৩২ গৰাকী খেলুৱৈক চৰ্টলিষ্ট কৰা হৈছে।

তদুপৰি, ‘হকী ইণ্ডিয়া ৰাষ্ট্ৰপতিৰ অসাধাৰণ কৃতিত্ব বঁটা’, ‘জমন লাল শৰ্মা অমূল্য অৱদান বঁটা’, আম্পায়াৰ আৰু কাৰিকৰী বিষয়াৰ বিশেষ স্বীকৃতি, লগতে শ্ৰেষ্ঠ সদস্য ইউনিট বঁটাও প্ৰদান কৰা হ’ব।

২০২৫ চনত ৰাজগীৰ (বিহাৰ)ত অনুষ্ঠিত এছিয়া কাপত সোণৰ পদক লাভ কৰা ভাৰতীয় পুৰুষ দল আৰু তামিলনাডুত অনুষ্ঠিত এফ আই এইচ হকী পুৰুষ জুনিয়ৰ বিশ্বকাপত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় জুনিয়ৰ পুৰুষ দলকো সন্মান জনোৱা হ’ব। পঞ্চদশ হকী ইণ্ডিয়া ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত যিসকল সদস্য ইউনিটে অসাধাৰণ প্ৰদৰ্শন আগবঢ়াইছে, তেওঁলোককো স্বীকৃতি দিয়া হ’ব।

হকী ইণ্ডিয়াৰ সভাপতি ড০ দিলীপ তিৰ্কিয়ে কয় যে, ভাৰতীয় হকীৰ বাবে এইটো এটা উল্লেখযোগ্য বছৰ, আৰু বিগত বছৰৰ অসাধাৰণ প্ৰদৰ্শনক স্বীকৃতি দিয়াটো গুৰুত্বপূৰ্ণ। এই বঁটাসমূহে খেলুৱৈ আৰু বিষয়াসকলৰ নিষ্ঠা আৰু কৃতিত্বক সন্মান জনায়।

সাধাৰণ সম্পাদক ভোলা নাথ সিঙে কয় যে, “এই বঁটাসমূহে ভাৰতীয় হকীক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা খেলুৱৈ, প্ৰশিক্ষক, বিষয়া, আৰু সদস্য ইউনিটৰ সামূহিক প্ৰচেষ্টাক স্বীকৃতি দিয়ে।”

মনোনীত খেলুৱৈসকল তলত দিয়া ধৰণৰ:

বছৰৰ শ্ৰেষ্ঠ গ’লৰক্ষক (বলজিৎ সিং বঁটা):

ৰাজকুমাৰ দীপ সিং, কৃষ্ণ বাহাদুৰ পাঠক, বিচু দেৱী খাৰিবাম, সুৰজ কাৰ্কেৰা

বছৰৰ শ্ৰেষ্ঠ ডিফেণ্ডাৰ (পৰ্গত সিং বঁটা):

সঞ্জয়, অমিত ৰোহিদাস, জুগ্ৰাজ সিং, হৰমনপ্ৰীত সিং।

বছৰৰ শ্ৰেষ্ঠ মিডফিল্ডাৰ (অজিত পাল সিং বঁটা):

হাৰ্দিক সিং, সুমিত, ৰাজ কুমাৰ পাল, নীলকান্ত শৰ্মা।

বছৰৰ শ্ৰেষ্ঠ ফৰৱাৰ্ড (ধনৰাজ পিল্লাই বঁটা):

সুখজীত সিং, অভিষেক, নৱনীত কৌৰ, শিলানন্দ লক্ৰ।

বছৰৰ উদীয়মান খেলুৱৈ (মহিলা ২১ বছৰ অনুৰ্ধ, অসুন্ত লাকৰা বঁটা):

সাক্ষী ৰাণা, জ্যোতি সিং, সুনেলিতা টপ্পো, কণিকা ছিৱাচ

বছৰৰ উদীয়মান খেলুৱৈ (পুৰুষৰ ২১ বছৰ অনুৰ্ধ, জুগ্ৰাজ সিং বঁটা):

ৰাজকুমাৰ দীপ সিং, মনমীত সিং, আনমোল এক্কা, আৰ্শদীপ সিং।

বছৰৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈ (বলবীৰ সিং চিনিয়ৰ বঁটা):

নৱনীত কৌৰ, চালিমা টেটে, লালৰেমচিয়ামি, সবিতা।

বছৰৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ (বলবীৰ সিং চিনিয়ৰ বঁটা):

হাৰ্দিক সিং, সুখজীত সিং, সঞ্জয়, অভিষেক**

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande