
নতুন দিল্লী, ২৩ মাৰ্চ (হি.স.)। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) প্ৰথম পৰ্যায়ৰ টাটা আই পি এল ফেন পাৰ্ক ২০২৬ৰ সময়সূচী ঘোষণা কৰিছে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ মুকলি পৰ্যায়ৰ লগত সংগতি ৰাখি সমগ্ৰ দেশৰ অনুৰাগীসকলে ষ্টেডিয়ামৰ বাহিৰত আই পি এলৰ উত্তেজনা অনুভৱ কৰাৰ সুযোগ লাভ কৰিব।
ব’ৰ্ডৰ মতে, প্ৰথম তিনি সপ্তাহত ১১খন ৰাজ্যৰ ১৫খন চহৰত ফেন পাৰ্ক অনুষ্ঠিত হ’ব। এই অনুষ্ঠানসমূহৰ লক্ষ্য হৈছে আই পি এলৰ উত্তেজনা যিমান পাৰি সিমান অনুৰাগীৰ মাজলৈ অনা আৰু সামূহিক পৰিৱেশত খেল উপভোগ কৰা।
ফেন পাৰ্ক তিনিটা সপ্তাহৰ শেষৰ ফালে অনুষ্ঠিত হ’ব: প্ৰথম সপ্তাহ ২৮ আৰু ২৯ মাৰ্চ, দ্বিতীয় সপ্তাহ ৪ আৰু ৫ এপ্ৰিল, আৰু তৃতীয় সপ্তাহ ১১ আৰু ১২ এপ্ৰিল, ২০২৬।
উত্তৰ, দক্ষিণ, পূব, আৰু পশ্চিম অঞ্চলত প্ৰতি সপ্তাহৰ শেষৰ ফালে পাঁচটা ফেন পাৰ্ক স্থাপন কৰা হ’ব, যাৰ ফলত সমগ্ৰ দেশতে ব্যাপক অংশগ্ৰহণ নিশ্চিত কৰা হ’ব।
প্ৰথম সপ্তাহৰ ভিতৰত ৰোহটক (হাৰিয়ানা), ভোপাল (মধ্য প্ৰদেশ), নাগপুৰ (মহাৰাষ্ট্ৰ), টুমকুৰ (কৰ্ণাটক), আৰু কৃষ্ণনগৰ (পশ্চিম বংগ)ত ফেন পাৰ্ক স্থাপন কৰা হ’ব।
দ্বিতীয় সপ্তাহত মথুৰা (উত্তৰ প্ৰদেশ), যোধপুৰ (ৰাজস্থান), নিজামাবাদ (তেলেংগানা), মহীচুৰু (কৰ্ণাটক), আৰু ভুবনেশ্বৰ (ওড়িশা)ত অনুষ্ঠান অনুষ্ঠিত হ’ব।
তৃতীয় সপ্তাহৰ ভিতৰত মীৰুট (উত্তৰ প্ৰদেশ), নাদিয়াদ (গুজৰাট), ৰত্নাগিৰি (মহাৰাষ্ট্ৰ), কইম্বাটুৰ (তামিলনাডু), আৰু ৰৌৰকেলা (ওড়িশা)ত ফেন পাৰ্ক অনুষ্ঠিত হ’ব।
মনোৰঞ্জন আৰু কাৰ্যসূচীৰ বিশেষ ব্যৱস্থা
প্ৰতিটো ফেন পাৰ্কত বৃহৎ পৰ্দাত লাইভ মেচ সম্প্ৰচাৰৰ লগতে সংগীত, মনোৰঞ্জন, ফুড ক’ৰ্ট, শিশুৰ খেলা ঠাই, আৰু বিভিন্ন ধৰণৰ ইন্টাৰেক্টিভ কাৰ্য্যকলাপৰ ব্যৱস্থা থাকিব। দৰ্শকে ভাৰ্চুৱেল বেটিং, বলিং নেট, ফেচ পেইণ্টিং, চিয়াৰ মিটাৰ, ৩৬০ ডিগ্ৰী ফটো বুথৰ দৰে বৈশিষ্ট্যও উপভোগ কৰিব পাৰিব।
মন কৰিবলগীয়া যে ২০১৫ চনত আৰম্ভ হোৱা এই পদক্ষেপে আই পি এলক দেশৰ চুক-কোণলৈ লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই পৰম্পৰা ২০২৬ চনতো চলি থাকিব, যাৰ ফলত লাখ লাখ দৰ্শকে নিজৰ নিজৰ চহৰতে আই পি এল উদযাপন কৰিব পাৰিব।
ব’ৰ্ডে কয় যে অনাগত সপ্তাহৰ বাবে ফেন পাৰ্কৰ সূচী অতি সোনকালে প্ৰকাশ কৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া