
নতুন দিল্লী, ২৩ মাৰ্চ (হি.স.)। লাডাখৰ সমাজ কৰ্মী সোণম ৱাংচুকৰ পত্নী অঞ্জলিয়ে গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদন উচ্চতম ন্যায়ালয়ে নিষ্পত্তি কৰিছে। শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰে যে ৱাংচুকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন প্ৰত্যাহাৰ কৰা হৈছে আৰু তেওঁক মুকলি কৰি দিয়া হৈছে। ইয়াৰ পিছতে ন্যায়াধীশ অৰবিন্দ কুমাৰৰ নেতৃত্বত গঠিত বিচাৰপীঠে ঘোষণা কৰে যে আবেদনখনত একো বাকী নাই।
কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক জনাইছিল যে যোৱা ১৪ মাৰ্চত সোণম ৱাংচুকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন প্ৰত্যাহাৰ কৰা হৈছে আৰু তেওঁক মুকলি কৰি দিয়া হৈছে।
সোণম ৱাংচুকৰ পত্নী অঞ্জলিয়ে তেওঁৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাইছিল। ২০২৫ চনৰ ২৬ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হোৱা ৱাংচুকে লাডাখক সম্পূৰ্ণ ৰাজ্যৰ দাবী জনাইছিল । ইয়াৰ পিছত লাডাখত সংঘটিত হিংসাত্মক পৰিস্থিতিত গুলীচালনাৰ ঘটনাত চাৰিজন লোক নিহত হয়।
हिन्दुस्थान समाचार / Manoj Kumar Saikia