উচ্চতম ন্যায়ালয়ৰ ভৱনত অশোক স্তম্ভ স্থাপনৰ দাবী, বিবেচনা কৰিব বুলি কয় মুখ্য ন্যায়াধীশে
নতুন দিল্লী, ২৩ মাৰ্চ (হি.স.)। উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰি আদালত ভৱনৰ মূল গম্বুজত ভাৰতৰ জাতীয় প্ৰতীক অশোক স্তম্ভ স্থাপন কৰিবলৈ দাবী জনাইছে। আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয় যে এই দাবী প্ৰশাসনিক পৰ্যায়ত বিবেচনা
सुप्रीम कोर्ट


নতুন দিল্লী, ২৩ মাৰ্চ (হি.স.)। উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰি আদালত ভৱনৰ মূল গম্বুজত ভাৰতৰ জাতীয় প্ৰতীক অশোক স্তম্ভ স্থাপন কৰিবলৈ দাবী জনাইছে। আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয় যে এই দাবী প্ৰশাসনিক পৰ্যায়ত বিবেচনা কৰা হ’ব।

এই আৱেদন দাখিল কৰিছিল বাৰাণসীৰ ‘বাবা খটৰনাক’–এয়ে । শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ নতুন ভৱনত ৰাষ্ট্ৰীয় প্ৰতীক স্থাপনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা হ’ব বুলি উল্লেখ কৰে। বাবা খটৰনাকে তেতিয়া সুধিলে, এই অট্টালিকাটোৰ কথা কি ক'ব? তাৰ পিছত মুখ্য ন্যায়াধীশে কয়, আপুনি আমাক এই বিষয়ে লিখিব পাৰে; আমি ইয়াক প্ৰশাসনিক পৰ্যায়ত বিবেচনা কৰিম; আদালতত আবেদন দাখিল কৰাৰ প্ৰয়োজন নাই। এই বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ মহাসচিবক নিৰ্দেশ দিয়ে মুখ্য ন্যায়াধীশে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande