ৰহাত বৰুন বিকাশ দাসে আম আদমী পাৰ্টিৰ পৰা মনোনয়ন দাখিল
নগাঁও, ২৩ মাৰ্চ (হি.স.)। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা ৰহাত উখল মাখল পৰিবেশ। ৰাজ্যৰ অন্যান্য ৰাজনৈতিক দলৰ দৰে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে ৰহাত প্ৰদান কৰিছে দলীয় প্ৰাৰ্থিত্ব। সেইমৰ্মে ৬১ নং ৰহা সমষ্টি
ৰহাত বৰুন বিকাশ দাসে আম আদমী পাৰ্টিৰ পৰা মনোনয়ন দাখিল


নগাঁও, ২৩ মাৰ্চ (হি.স.)। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা ৰহাত উখল মাখল পৰিবেশ। ৰাজ্যৰ অন্যান্য ৰাজনৈতিক দলৰ দৰে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে ৰহাত প্ৰদান কৰিছে দলীয় প্ৰাৰ্থিত্ব। সেইমৰ্মে ৬১ নং ৰহা সমষ্টিত বৰুন বিকাশ দাসে আম আদমী পাৰ্টিৰ পৰা মনোনয়ন দাখিল কৰিবলৈ সাজু হৈছে।

ৰহা সৰাগাঁৱৰ পৰা দলীয় সমৰ্থক সহ নগাঁও জিলা আয়ুক্ত কাৰ্যালয় অভিমুখে যাত্ৰা কৰিছে দলটোৱে। ৰহাৰ সামগ্ৰিক উন্নয়নক মূল লক্ষ্য হিচাপে লৈ নিৰ্বাচনত নমা আম আদমী পাৰ্টিয়ে শক্তিশালী ৰূপে অৱতীৰ্ণ হ'ব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande