
গোৱালপাৰা, ২৩ মাৰ্চ (হি.স.)। গোৱালপাৰা জিলাৰ মাটিয়াৰ দোমনীত ভয়ংকৰ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ বিপৰীতে আন চাৰিজন গুৰুতৰ ভাৱে আহত ৷ ইয়াৰে এটি শিশু বুলি জানিব পৰা গৈছে ৷ আটাইকে সংকটজনক অৱস্থাত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাললৈ প্ৰেৰণ কৰে ৷নিহত লোকজনৰ নাম ছৰিফুল ইছলাম (২৫)। এই ঘটনাত অটো খনত থকা মাটিয়াৰ বামুনপাৰাৰ শ্বাহিদ চৌধৰী নামৰ এজন লোক আহত হয়।
মাটিয়া দিশৰ পৰা এস্কেভেটৰখনে গোৱালপাৰা দিশৰ পৰা অহা বেটেৰী চালিত অটোখনৰ লগত ভয়ংকৰ সংঘর্ষৰ ফলত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটি। দুৰ্ঘটনাত বেটেৰী এটোখন সম্পূৰ্ণৰূপে বিধ্বস্ত হয় ৷ঘটনাস্থলীত মাটিয়া আৰক্ষীৰ দল আৰু দুধনৈ সম জিলাৰ আৰক্ষী অধিক্ষক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ