দক্ষিণ কামৰূপৰ গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
কামৰূপ, ২৩ মাৰ্চ (হি.স.)। দক্ষিণ কামৰূপৰ গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত নিহত হৈছে অষ্টম শ্ৰেণীৰ ছাত্ৰ কদ্দুছ আলী৷ জানিব পৰা অনুসৰি টপাৰ পথাৰ গাঁৱৰ আইনাল হকৰ পুত্ৰ তথা ২ নং টপাৰ পথাৰ জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ কদ্দুছ আলীয়ে এ এছ
দক্ষিণ কামৰূপৰ গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা


কামৰূপ, ২৩ মাৰ্চ (হি.স.)। দক্ষিণ কামৰূপৰ গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত নিহত হৈছে অষ্টম শ্ৰেণীৰ ছাত্ৰ কদ্দুছ আলী৷

জানিব পৰা অনুসৰি টপাৰ পথাৰ গাঁৱৰ আইনাল হকৰ পুত্ৰ তথা ২ নং টপাৰ পথাৰ জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ কদ্দুছ আলীয়ে এ এছ ২৫ ৱাই ০৯৬৯ টি ভি এছ দ্ৰুতবেগী আপাচি বাইকখন গৰৈমাৰীৰ পুখুৰীপাৰত আজি দুপৰীয়া নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হৈ ছাত্ৰগৰাকী গুৰুতৰভাৱে আহত হয়৷ আহত ছাত্ৰগৰাকীক গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত ছাত্ৰগৰাকীৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande