

শোণিতপুৰ,২৩মাৰ্চ(হি.স.)। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদিকা পল্লৱী শইকীয়াই কংগ্ৰেছ দল ত্যাগ কৰাৰ লগতে আজি তেজপুৰৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে । উল্লেখযোগ্য যে, যুৱ প্ৰজন্মৰ কংগ্ৰেছ নেত্ৰী হিচাপে পল্লৱী তেজপুৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্বৰ প্ৰৱল দাবীদাৰ আছিল ৷
নিৰ্বাচনী বুজাবুজি অনুসৰি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত হোৱা মিত্ৰতাৰ বাবে তেজপুৰ সমষ্টিটো ৰাইজৰ দলক এৰি দিয়াৰ পাছতে ক্ষুব্ধ হৈ পৰে পল্লৱী ৷ আজি এক বৃহৎ সমদলৰে তেজপুৰত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰা পল্লৱীয়ে সংবাদ মাধ্যমৰ আগত কয় “সতীয়ে নিজৰ অসন্মান হোৱাত কৈ আত্মজাহ বাচি লৈছিল, দ্ৰৌপদীয়ে মৌনতাৰ পৰিবর্তে যুদ্ধ বাছি লৈছিল, সীতাই আৰামদায়ক জীৱনতকৈ আত্মসন্মান বাছি লৈছিল।আত্মসন্মানতকৈ ডাঙৰ একো নহয় ।
উল্লেখযোগ্য যে, তেজপুৰ কলেজিয়েট খেলপথাৰৰ পৰা বিশাল পদযাত্ৰা কৰি জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হয় পল্লৱী শইকীয়া ৷ তেওঁ ইতিমধ্যেই ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰা বুলিও মন্তব্য কৰে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ