মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অতুল বৰাৰ মনোনয়ন পত্ৰ দাখিল
গুৱাহাটী, ২৩ মাৰ্চ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি অগপ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই আজি নিজ মনোনয়ন পত্ৰ দাখিল কৰে। আসম গণ পৰিষদৰ সভাপতি গৰকীৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত উপস্থিত থাকি বৰাৰ জয় নিশ
Minister Atul Bora Filing Nomination papers in Presence of CM Dr Himanta Biswa Sarma.


গুৱাহাটী, ২৩ মাৰ্চ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি অগপ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই আজি নিজ মনোনয়ন পত্ৰ দাখিল কৰে। আসম গণ পৰিষদৰ সভাপতি গৰকীৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত উপস্থিত থাকি বৰাৰ জয় নিশ্চিত বুলি কয় মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলসমূহে এখন শক্তিশালী চৰকাৰ গঠন কৰিব ।

মনোনয়নৰ পাছত মুখ্যমন্ত্রীয়ে আগন্তুক নির্বাচনত শাসকীয় মিত্রজোঁটে নিৰ্ণায়ক জয় লাভ কৰিব বুলি উল্লেখ কৰে৷ তেওঁ উল্লেখ কৰে যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট জনসাধাৰণৰ সহযোগত ৰাজ্যৰ উন্নয়নমূলক কাম-কাজ আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। চৰকাৰৰ শেহতীয়া কাম কাজ আৰু ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ সম্পূৰ্ণ কৰাৰ ফলশ্ৰুতিত ৰাইজে পূৰ্বতকৈ অধিক অভিলেখ হাৰত বিজেপি মিত্ৰজোঁটৰ বিজয় নিশ্চিত কৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে আজি মন্তব্য কৰে।

অগপ সভাপতিগৰাকীৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময় অগপ তথা বিজেপি দলৰ হাজাৰ হাজাৰ নেতা-সমৰ্থক উপস্থিত থাকে। বৃহৎ সংখ্যক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰা এই মনোনয়ন পত্ৰ দাখিল পৰ্বই এক উৎসাহী পৰিৱেশৰ সৃষ্টি কৰে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande