
যোৰহাট, ২৩ মাৰ্চ (হি.স.)। মৰিয়নিৰ মাটিৰ তিলক পিন্ধি মৰিয়নিৰ বিধায়ক তথা বৰ্তমানৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে দাখিল কৰিলে মনোনয়ন।
বিধায়কগৰাকীক সংগ দিলে পত্নী পু্ত্ৰসহ হাজাৰ হাজাৰ সমৰ্থকে। মনোনয়ন পত্ৰ দাখিল কৰি তেওঁ কয় যে মৰিয়নিৰ ৰাইজ আমি একেটা পৰিয়াল,গতিকে নিৰ্বাচন বুলি বিশেষ একো কৰিবলগীয়া নাই।
তেওঁ কয় যে বিহু আহি আছে,এতিয়া বিহুলৈহে ব্যস্ত থাকিম,ৰাইজৰ সেৱা ব্যস্ত থাকিম সদায় থকাৰ দৰেই ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু