
গুৱাহাটী, ২৩ মাৰ্চ (হি.স.)। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ২০২৬ ৰ মুক্ত আৰু ন্যায্য পৰিচালনাৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে বিশেষ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া মনজিত সিঙে সোমবাৰে দায়িত্ব গ্ৰহণ কৰে।
সোমবাৰে গুৱাহাটীত উপস্থিত হয় মনজিত সিং। তেওঁ নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিভিন্ন দিশ চোৱাচিতা কৰিব। তেওঁৰ নিযুক্তিৰ মূল উদ্দেশ্য হৈছে নির্বাচনৰ সময়ত স্বচ্ছতা সুনিশ্চিত কৰা আৰু ন্যায্য পৰিবেশ বজাই ৰখা ৷
এক আনুষ্ঠানিক বিবৃতি অনুসৰি বিশেষ পৰ্যবেক্ষকে ৰাজনৈতিক দল, সামাজিক সংগঠন আৰু সাধাৰণ জনতাৰ প্ৰতিনিধিৰ পৰা নিৰ্বাচন সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত প্ৰতিনিধিসকলৰ মতামত গ্ৰহণ কৰিব।
এই সম্পৰ্কত যিকোনো ব্যক্তি বা সংস্থাই বিশেষ পৰ্যবেক্ষকৰ সৈতে দৈনিক পুৱা ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে তথা নিজৰ অভিযোগ বা পৰামৰ্শ দাখিল কৰিব পাৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ