
নতুন দিল্লী, ২৩ মাৰ্চ (হি.স.)। ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ লোকসভাৰ সদস্য ড০ ইন্দ্ৰ হাং চুব্বাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক স্বাধীন ভাৰতৰ ইতিহাসত সৰ্বাধিক দীৰ্ঘদিন চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ অভিলেখ গঢ়িবলৈ অভিনন্দন জনায়।
সোমবাৰে লোকসভাত ড০ চুব্বাই উল্লেখ কৰে যে ২০০১ চনৰ ৭ অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।তেতিয়াৰ পৰাই তেওঁ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে ৮,৯৩১ দিন ৰাজহুৱা জীৱন সম্পূৰ্ণ কৰিছে।
এই দীঘলীয়া কাৰ্যকালত প্ৰধানমন্ত্ৰী মোদীয়ে ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙক অতিক্ৰম কৰিছে, যিজনে পূৰ্বে ৮,৯৩০ দিন ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ অভিলেখ গঢ়িছিল।
ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, ৰাজ্যবাসী, আৰু তেওঁৰ সকলো সতীৰ্থৰ হৈ ড° চুব্বাই প্ৰধানমন্ত্ৰী মোডীক এই ঐতিহাসিক সাফল্যৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জনায়।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী