কংগ্ৰেছে সদায় জুবিন গাৰ্গক লৈ ৰাজনীতি কৰেঃবিধায়ক তৰংগ গগৈৰ প্ৰতিক্ৰিয়া
ডিব্ৰুগড়, ২৩ মাৰ্চ (হি.স.)। চিৰাঙৰ বিজনীত কংগ্ৰেছৰ কাৰ্যালয় লণ্ড ভণ্ড কৰিবলৈ গৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত গোৰ শোধোৱা কাৰ্যক ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । ঘটনাটোক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছ
কংগ্ৰেছে সদায় জুবিন গাৰ্গক লৈ ৰাজনীতি কৰেঃবিধায়ক তৰংগ গগৈৰ প্ৰতিক্ৰিয়া


ডিব্ৰুগড়, ২৩ মাৰ্চ (হি.স.)। চিৰাঙৰ বিজনীত কংগ্ৰেছৰ কাৰ্যালয় লণ্ড ভণ্ড কৰিবলৈ গৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত গোৰ শোধোৱা কাৰ্যক ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । ঘটনাটোক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নাহৰকটীয়াৰ বিজেপিৰ প্ৰাৰ্থী তৰংগ গগৈয়ে। জুবিন গাৰ্গক লৈ কংগ্ৰেছৰ নিকৃষ্ট মানসিকতা এইয়া,জুবিন গাৰ্গক লৈ কংগ্ৰেছে সদায় ৰাজনীতি কৰি আহিছে আৰু এইবাৰ নিৰ্বাচনী বৈতৰণী পাৰ হবলৈ কংগ্ৰেছে জুবিন গাৰ্গক ইচ্ছ্যু হিছাপে ব্যৱহাৰ কৰিছে আৰু তেওঁলোকে সদায় জুবিন গাৰ্গক লৈ ৰাজনীতি কৰে।

বিজেপিয়ে নিৰ্বাচনৰ সময়ত জুবিন গাৰ্গৰ নাম লোৱা নাই কাৰণ বিজেপিয়ে জুবিনক লৈ ৰাজনীতি নকৰে বুলি উল্লেখ কৰি জুবিনৰ গাৰ্গৰ শেষকৃত্যৰ সকলো কাম নিয়াৰিকৈ অসম চৰকাৰে সমাপন কৰিলে ষ্ট্ৰং শ্বাৰ্জশ্বিট থকাৰ বাবে সকলো অপৰাধী আজিও জে'লত আছে কাৰাগাৰৰ পৰা মুকলি হৈ আহিব পৰা নায়।

তেও কয়, ন্যায় ন্যায়ালয়ে দিব কিন্ত অসম চৰকাৰৰ যিখিনি কৰণীয় আছিল সকলোখিনি অসম চৰকাৰে নিয়াৰিকৈ কৰিলে বুলি তেওঁ প্ৰকাশ কৰে। নাহৰকটীয়া ৰঙালী ৰূপালী মঞ্চত নাহৰকটীয়া সমষ্টি বিশিষ্ট নাগৰিক সকলৰ সৈতে বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানত বিধায়কৰ বিগত পাঁচবছৰীয়া কাৰ্যকালৰ বিভিন্ন উন্নয়ণমূলক কাম কাজৰ খতিয়ান সম্বলিত এক গ্ৰন্থ প্ৰকাশ কৰা হয়। জেষ্ঠ নাগৰিক সকলে বিগত বিধায়কৰ কাৰ্যকালৰ উন্নয়ণমূলক কাম কাজৰ প্ৰশংসা কৰাৰ লগতে আগন্তুক নিৰ্বাচনত পুনৰ জয়ী হলে কৰিবলগীয়া কাম কাজ সন্দৰ্ভতো পৰামৰ্শ আগবঢ়ায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande