
নতুন দিল্লী, ২৩ মাৰ্চ (হি.স.)। শ্ৰীগুৰু টেগ বাহাদুৰ খালছা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত পঞ্চম পি এছ পি বি বাবা দীপ সিং হকী প্ৰতিযোগিতাত পুৰুষ আৰু মহিলা বিভাগত শ্যাম লাল কলেজ আৰু হন্সৰাজ কলেজে বহু ব্যৱধানত জয়লাভ কৰে।
শ্যাম লাল কলেজে কিৰোৰি মাল কলেজক ৭-০ গ’লত পৰাস্ত কৰি একেৰাহে পঞ্চমটো জয়ৰে ফাইনেলত প্ৰৱেশ কৰে। দলটোৰ হৈ প্ৰত্যুষ সিং জাগী, নন্দ কিশোৰ, আৰু পংকজে দুটাকৈ গ’ল দিয়ে। মনমোহনে এটা গ’ল দিয়ে। পংকজে লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা।
আন এখন পুৰুষৰ খেলত হন্সৰাজ কলেজে ছেইণ্ট ষ্টিফেনছ কলেজক ৮-০ গ’লত পৰাস্ত কৰে। দলটোৰ হৈ গৌৰৱ জুনিয়ৰে ৫টা গ’ল দিয়ে। অভিষেক, সাগৰ যাদৱ, আৰু গৌৰৱ ঝাই এটাকৈ গ’ল দিয়ে। খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে গৌৰৱ জুনিয়ৰে।
মহিলা শাখাত বিবেকানন্দ কলেজে ভাৰতী কলেজক ৩-০ গ’লত পৰাস্ত কৰে। বিজয়ী দলৰ হৈ শুভম, ৰাখী, আৰু নিকিতাই গ’ল দিয়ে। মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে শুভমে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া