
নতুন দিল্লী, ২৩ মাৰ্চ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে লোকসভাত ‘বিত্ত বিধেয়ক, ২০২৬’ উত্থাপন কৰে, যিয়ে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱ, কৰ গাঁথনি, আৰু পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০২৬-২০২৭ৰ বাজেট নীতি কাৰ্যকৰী কৰিব।
লোকসভাত ‘বিত্ত বিধেয়ক, ২০২৬’ উত্থাপন কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰাৰ বাবে বিধেয়কখন বিবেচনা আৰু গৃহীত কৰাৰ প্ৰস্তাৱো আগবঢ়ায়। ইয়াৰ পিছতে কংগ্ৰেছৰ সাংসদ অমৰ সিঙে উত্থাপন কৰা বিত্ত বিধেয়ক ২০২৬ সন্দৰ্ভত সদনত আলোচনা আৰম্ভ হয়।
এই বিধেয়কখনৰ লক্ষ্য হৈছে ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰা। কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা প্ৰস্তাৱসমূহৰ আইনী ভিত্তি প্ৰদান কৰিব বিত্ত বিধেয়কখন এক গুৰুত্বপূৰ্ণ আইনগত ব্যৱস্থা।
বিত্ত বিধেয়ক কি?
কেন্দ্ৰীয় বাজেটৰ পিছত সংসদত কৰ প্ৰস্তাৱ, কৰ পৰিৱৰ্তন, ৰাজহ বৃদ্ধিৰ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ বিত্ত বিধেয়কখন উত্থাপন কৰা বাৰ্ষিক বিত্তীয় নথি। ই সংবিধানৰ ১১০ নং অনুচ্ছেদ (টকা বিল) বা ১১৭ নং অনুচ্ছেদ (বিত্তীয় বিল)ৰ অধীনত পৰে। ইয়াক লোকসভাতহে প্ৰৱৰ্তন কৰিব পাৰি আৰু গৃহীত হোৱাৰ লগে লগে ই বিত্ত আইনত পৰিণত হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া