
গুৱাহাটী, ২৩ মাৰ্চ (হি.স.)। বন বিভাগৰ সোনাপুৰ ৰেঞ্জৰ অন্তৰ্গত টোপাতলী বীটৰ মিলনপুৰত বন্যহস্তীৰ তাণ্ডৱ ৷ বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে আৱাসগৃহ ৷ খায় গ’ল ভৰাঁলৰ ধান ৷ বিনা ডেকা নামৰ মহিলা গৰাকীৰ গৃহ ভাঙি চুৰমাৰ কৰিলে বন্যহস্তীয়ে ৷ সোনাইকুছি বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল এটা প্ৰকাণ্ড হাতী ৷ কথমপি প্ৰানৰক্ষা পৰিয়ালটোৰ তিনিজন সদস্য ৷
গভীৰ নিদ্ৰাত বন বিভাগ, নাই কোনো খবৰ। বন বিভাগৰ অকৰ্মণ্যতা আৰু অমনোযোগিতাৰ ফলতেই এনে ধৰণৰ অনিষ্টকাৰী ঘটনা ঘটিবলৈ পোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ স্থানীয় ৰাইজৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা