
নতুন দিল্লী, ২৩ মাৰ্চ (হি.স.)। দিল্লী বিধানসভাৰ সোমবাৰৰ পৰা আৰম্ভ হৈছে বাজেট অধিবেশন। অধিৱেশনৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী ৰেখা গুপ্তাই সদনত অৰ্থনৈতিক জৰীপ (২০২৫-২৬) দাখিল কৰে।
বাজেট অধিবেশন আৰম্ভ হোৱাৰ পূর্বে বিধানসভা চৌহদত এক পৰম্পৰাগত পৰমান্ন অনুষ্ঠান অনুষ্ঠিত হয় ৷ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মন্ত্ৰী, বিধায়ক, ছাত্ৰ-ছাত্ৰীক পৰমান সেৱা আগবঢ়াইছিল। অনুষ্ঠানত কেবিনেট মন্ত্ৰী পৰবেশ চাহিব সিং, আশীষ ছুদ, মঞ্জিন্দৰ সিং ছিৰছা, আৰু কপিল মিশ্ৰৰ লগতে অন্যান্য নেতা উপস্থিত থাকে।
এই উপলক্ষে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই উল্লেখ কৰে যে চৰকাৰৰ দ্বিতীয় বাজেট ২০২৬-২৭ বাজেটে দিল্লীৰ উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে নাগৰিকৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই বাজেটে ৰাজধানীৰ সামগ্ৰিক উন্নয়নত এক নতুন দিশ দিব বুলিও তেওঁ কয়।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই শ্বহীদ দিৱস উপলক্ষে দিল্লী বিধানসভা কমপ্লেক্সত শ্বহীদ-ই-আজম ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক তেওঁলোকৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই মহান স্বাধীনতা সংগ্ৰামীসকলৰ সাহস, ত্যাগ, দেশপ্ৰেমে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলিও কয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া