
নতুন দিল্লী, ২৩ মাৰ্চ (হি.স.)। কংগ্ৰেছে পশ্চিম এছিয়া সংকটৰ সন্দৰ্ভত চৰকাৰৰ স্থিতি দুৰ্বল আৰু অস্থিৰ বুলি অভিহিত কৰি কয় যে ইয়াৰ ফলত দেশৰ ক্ষতি হৈছে।
সোমবাৰে দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কংগ্ৰেছৰ সংবাদ মাধ্যমৰ মুৰব্বী পৱন খেৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদত পশ্চিম এছিয়া বিষয়ক লৈ ভাষণ দিছে যদিও চৰকাৰৰ বৈদেশিক নীতি শক্তিশালী হ’লে ভাৰতে এনে পৰিস্থিতিৰ সন্মুখীন নহ’লহেঁতেন। তেওঁ কয় যে কংগ্ৰেছে কেতিয়াও ভাৰতে কোনো এটা পক্ষৰ পক্ষ লোৱাৰ পোষকতা নকৰে; বৰঞ্চ চৰকাৰে নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা মানি চলি স্পষ্ট আৰু সুষম স্থিতি গ্ৰহণ কৰা উচিত।
এই সংকটৰ সন্দৰ্ভত চৰকাৰে স্পষ্ট স্থিতি লোৱা নাছিল বুলি খেৰাই অভিযোগ কৰে। নিয়মভিত্তিক ব্যৱস্থাটো পালন কৰা হ’লে ভাৰতে মুকলিকৈ ক’ব পাৰিলেহেঁতেন যে এই যুদ্ধ অবৈধ, কিন্তু প্ৰধানমন্ত্ৰীৰ সাহস নাছিল। তেওঁ কয় যে ১৪.২ কিলোগ্ৰাম এল পি জি চিলিণ্ডাৰত মাত্ৰ ১০ কিলোগ্ৰাম গেছ যোগান ধৰাৰ কথা শুনা গৈছে। যদি এই কথা সঁচা হয় তেন্তে দেশখন ভয়াৱহ সংকটৰ সন্মুখীন হৈছে। চৰকাৰে এই বিষয়ে গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত।
কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ ইজৰাইল ভ্ৰমণৰ কিছু সময়ৰ পাছতে ইজৰাইল আৰু আমেৰিকাই ভাৰতৰ এজন পুৰণি বন্ধুক আক্ৰমণ কৰিছিল, আনহাতে প্ৰধানমন্ত্ৰীয়ে সেই দেশসমূহৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক প্ৰদৰ্শন কৰি আছে। খেদাই বাংলাদেশলৈ তেল যোগানৰ বিষয়তো চৰকাৰক সমালোচনা কৰে। তেওঁ কয় যে চৰকাৰে বাংলাদেশক তেল যোগান ধৰাৰ সময়তে নিৰ্বাচনী ৰাজ্যত বাংলাদেশৰ অনুপ্ৰৱেশৰ বিষয়টোও উত্থাপন কৰিছে। এই বিষয়ত চৰকাৰে নিজৰ স্পষ্ট নীতি উল্লেখ কৰিবলৈ দাবী জনায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া