পাকাবেতবাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ মনোনয়ন দাখিল
বৰপেটা, ২৩ মাৰ্চ (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। অহা ৯ এপ্ৰিত অনুষ্ঠিত হ’বলগা বিধানসভা নিৰ্বাচনত আজি ২৩ মাৰ্চত মনোনয়ন দাখিলৰ অন্তিম দিন। এই উপলক্ষ্য়ত বৰপেটা জিলাৰ ২৫ নং পাকাবেতবাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰে
পাকাবেতবাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ মনোনয়ন দাখিল


বৰপেটা, ২৩ মাৰ্চ (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। অহা ৯ এপ্ৰিত অনুষ্ঠিত হ’বলগা বিধানসভা নিৰ্বাচনত আজি ২৩ মাৰ্চত মনোনয়ন দাখিলৰ অন্তিম দিন। এই উপলক্ষ্য়ত বৰপেটা জিলাৰ ২৫ নং পাকাবেতবাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰে আজি মনোনয়ন দাখিল কৰে । পাকাবেতবাৰী সমষ্টিত তেওঁৰ এশ শতাংশই বিজয় নিশ্চিত বুলি দাবী কৰিছে কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰে। উল্লেখ্য় যে পাকাবেতবাৰী সমষ্টিত এইবেলি এআইইউডিএফৰ মীনাক্ষী ৰহমান আৰু সৰুক্ষেত্ৰী সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক ডাঃ তাৰাপ্ৰসাদ দাসে অগপৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে |

উল্লেখ্য় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সৰুক্ষেত্ৰী সমষ্টিটো বিলুপ্তি ঘটাই ২৫নং পাকা-বেতবাৰী সমষ্টি হয় ৷ সমষ্টি পুনৰ নিৰ্ধাৰনৰ পিছত সৰুক্ষেত্ৰী সমষ্টিটো পাকা-বেতবাৰী হোৱাৰ পিছত সমষ্টিটোৰ ভৌগোলিক সীমাৰ লগতে জনসংখ্যাৰ সলনি হয় ৷ অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতেই ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশত নতুন সমীকৰণৰ সূচনা হৈছে। সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা সমষ্টিটোত এইবাৰ নিৰ্বাচন লক্ষণীয় হৈ পৰিছে। ২০১৬ আৰু ২০২১ চনত একেৰাহে দুবাৰ সমষ্টিটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা কংগ্ৰেছৰ জাকিৰ হুছেইন শিকদাৰ এইবাৰ যুৱ নেত্ৰী তথা এআইইউডিএফৰ সাম্ভাব্য প্ৰাৰ্থী মিনাক্ষী ৰহমানৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইতিমধ্যে জোৰদাৰ প্ৰচাৰ চলাই গৈছে এআইইউডিএফৰ সাম্ভাব্য প্ৰাৰ্থী মিনাক্ষী ৰহমানে।

আনহাতে, ২০০১ আৰু ২০০৬ চনত ডাঃ তাৰাপ্ৰসাদ দাসে নিৰ্দলীয় প্ৰাৰ্থীৰূপে দুবাৰকৈ বিধায়ক নিৰ্বাচিত হয় ৷ আনহাতে ২০১১ চনৰ বিধানসভা নিৰ্বাচনত আলী হুছেইনে অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্ট চমুকৈ এ আই ইউ ডি এফৰ পৰা বিধায়ক নিৰ্বাচিত হয় । অৱশ্যে ২০১৬ আৰু ২০২১ চনত একেৰাহে দুবাৰ সমষ্টিটো কংগ্ৰেছৰ দখলত থাকে । এই দুয়োবাৰে জাকিৰ হুছেইন শিকদাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা বিধায়ক নিৰ্বাচিত হয় ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande