বিজেপি মিত্ৰজোঁটৰ দল বি পি এফৰ পাঁচটা সমষ্টিৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
কোকৰাঝাৰ, ২৩ মাৰ্চ (হি.স.)। বিজেপি মিত্ৰজোঁটৰ মিত্ৰ দল বি পি এফ দলৰ পাঁচটা সমষ্টিৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল । সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন । অন্তিম দিনা খনে বি পি এফ দলৰ পাঁচ প্ৰাৰ্থীয়েই কোকৰাঝাৰ জিলা আয
বিজেপি মিত্ৰজোঁটৰ দল বি পি এফৰ পাঁচটা সমষ্টিৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল


কোকৰাঝাৰ, ২৩ মাৰ্চ (হি.স.)। বিজেপি মিত্ৰজোঁটৰ মিত্ৰ দল বি পি এফ দলৰ পাঁচটা সমষ্টিৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল । সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন । অন্তিম দিনা খনে বি পি এফ দলৰ পাঁচ প্ৰাৰ্থীয়েই কোকৰাঝাৰ জিলা আয়ুক্ত কাৰ্যালয় লৈ হেজাৰ হেজাৰ নেতা কৰ্মী ভোটাৰ সহ পদযাত্ৰাৰে মনোনয়ন পত্ৰ পঞ্জীয়ন কৰে।

৫নং পৰ্বতঝোৰা সমষ্টিৰ প্ৰাৰ্থী ডাঃ ৰেজাউল কৰিম,দোতমা বিধান সভা সমষ্টিৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী, আৰু ৩নং কোকৰাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী শিউলী মহিলাৰী।

মনোনয়ন পত্ৰ দাখিলৰ প্ৰাক মুহূৰ্তত বি টি আৰৰ চিফ হাগ্ৰামা মহিলাৰীৰ সহধৰ্মিণী তথা কোকৰাঝাৰৰ বি পি এফ দলৰ প্ৰাৰ্থী শিউলী মহিলাৰী আৰু ৰবিৰাম নাৰ্জাৰীয়ে সাংবাদিকৰ আগত কিছু মন্তব্য আগবঢ়ায়। সমষ্টিৰ ৰাইজে তেওলোকক বিপুল ভোটত জয়যুক্ত কৰাব সক্ষম হব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande