
ডিমা হাচাও, ২৩ মাৰ্চ (হি.স.)। ডিমা হাচাও জিলাৰ একমাত্ৰ বিধানসভা সমষ্টি হাফলঙৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰূপালী লাংথাচাৰ মনোনয়ন পত্ৰ দাখিল। পাঁচ সহস্ৰাধিক সমৰ্থকৰ হৰ্ষোল্লাসৰ মাজেৰে বৃহৎ সমদল কৰি হাফলঙৰ জিলা আয়ুক্ত কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ ওচৰত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৰূপালী লাংথাচাই।
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চিইএম দেবলাল গাৰ্লোচাৰ উপৰিও ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰছিং তিছ',বহুকেইজন পৰিষদীয় সদস্যৰ লগতে দলীয় নেতা-কৰ্মীয়ে দলীয় প্ৰাৰ্থী গৰাকীৰ মনোনয়ন পত্ৰ দাখিলত সংগ প্ৰদান কৰে। নন্দিতা গাৰ্লোচাৰ দল ত্যাগ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি দেবলাল গাৰ্লোচাই কয় যে ক্ষমতা লোভী নন্দিতা গাৰ্লোচাই বহুদিনৰ পৰাই দলৰ বিৰুদ্ধে কাম কৰি আছিল গতিকে তেও দল ত্যাগ কৰাত দল উপকৃত হ'ব।
ঘৰত থাকি শত্ৰুতা কৰাতকৈ ওলাই যোৱাই ভাল অন্যথা বিষ খুৱাই নিজৰ মানুহক হত্যা কৰাৰ ভয় থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা