বৰপেটাত অগপৰ বিৰুদ্ধে যুঁজত নামিল বিদ্ৰোহী বিজেপি নেতা উদ্ধৱ দাস
বৰপেটা, ২৩ মাৰ্চ (হি.স.)। বৰপেটাত অগপৰ বিৰুদ্ধে যুঁজত নামিছে বিদ্ৰোহী বিজেপি নেতা উদ্ধৱ দাস | বিজেপি নেতা উদ্ধৱ দাসে নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰে। বৰপেটা জিলা বিজেপিৰ সভাপতি মহেন্দ্ৰ দাসৰ শুভেচ্ছা লৈ নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰে উদ্ধৱ দ
বৰপেটাত অগপৰ বিৰুদ্ধে যুঁজত নামিল বিদ্ৰোহী বিজেপি নেতা উদ্ধৱ দাস


বৰপেটা, ২৩ মাৰ্চ (হি.স.)। বৰপেটাত অগপৰ বিৰুদ্ধে যুঁজত নামিছে বিদ্ৰোহী বিজেপি নেতা উদ্ধৱ দাস | বিজেপি নেতা উদ্ধৱ দাসে নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰে। বৰপেটা জিলা বিজেপিৰ সভাপতি মহেন্দ্ৰ দাসৰ শুভেচ্ছা লৈ নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰে উদ্ধৱ দাসে |

উল্লেখ্য় যে উদ্ধৱ দাসে বৰপেটাত বিজেপিৰ পৰা বিচাৰিছিল প্ৰাৰ্থীত্ব | কিন্তু বৰপেটা সমষ্টিটো এনডিএৰ মিত্ৰদল অগপক এৰি দিয়াকলৈ ক্ষুব্ধ বিজেপি নেতাজনে আজি নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰে | উদ্ধৱ দাসে দাবী কৰা মতে, তেওঁৰ প্ৰতি সমৰ্থন আছে বিজেপি নেতা কৰ্মীসকল |

আনকি মনোনয়নৰ পূৰ্বে বিজেপিৰ জিলা সভাপতি মহেন্দ্ৰ দাসে ফোনযোগে তেওঁক শুভেচ্ছা জনোৱা বুলিও মন্তব্য কৰে উদ্ধৱ দাসে | উল্লেখ্য যে মনোনয়ন দাখিলৰ সময়ত কেবাজনো বিজেপি কাৰ্যকৰ্তাই তেওঁক সংগ দিয়ে |

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande