জাতীয় ছহিদক শ্ৰদ্ধাঞ্জলি জনাই মনোনয়ন দাখিল তেজপুৰৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অলক নাথৰ
শোণিতপুৰ,২৩ মাৰ্চ (হি.স.)। “তেজপুৰৰ পৰিবৰ্তনকামী ৰাইজে এইবাৰ আমাৰ পক্ষত থিয় দিব । এইবাৰ শাসকীয় পক্ষ আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীৰ মাজতেই প্ৰতিদ্বন্দ্বিতা হ’ব । তৃতীয় পক্ষক ৰাইজে নিবিচাৰে। এই মন্তব্য় কৰিছে ৰাইজৰ দলৰ প্ৰাৰ্থী তথা কংগ্ৰেছ মিত্ৰজোঁ
মনোনয়ন দাখিল তেজপুৰৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অলক নাথে


মনোনয়ন দাখিল তেজপুৰৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অলক নাথে


শোণিতপুৰ,২৩ মাৰ্চ (হি.স.)। “তেজপুৰৰ পৰিবৰ্তনকামী ৰাইজে এইবাৰ আমাৰ পক্ষত থিয় দিব । এইবাৰ শাসকীয় পক্ষ আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীৰ মাজতেই প্ৰতিদ্বন্দ্বিতা হ’ব । তৃতীয় পক্ষক ৰাইজে নিবিচাৰে। এই মন্তব্য় কৰিছে ৰাইজৰ দলৰ প্ৰাৰ্থী তথা কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী অভিনেতা অলক নাথে। তেজপুৰত আজি মনোনয়ন দাখিল কৰি এইদৰে মন্তব্য কৰে কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ৷

আজি পুৱা তেজপুৰৰ নআলি মূৰৰ পৰা এক বৃহৎ সমদল কৰি আহি মাজগাঁও জাতীয় ছহিদ বাকৰিত উপস্থিত হৈ অবৈধ বিদেশী বহিস্কাৰৰ দাবীত হোৱা আন্দোলনৰ ছহিদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে ৷ উল্লেখযোগ্য যে, সাংস্কৃতিক কৰ্মী নাথ জাতীয় ছহিদ ৰূপক নাথৰ ভ্ৰাতা ৷ উল্লেখযোগ্য যে, তেজপুৰত অগপ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ বিৰুদ্ধে এইবাৰ শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে বিৰোধী ঐক্য সমৰ্থিত ৰাইজৰ দলৰ প্ৰাৰ্থী অলক নাথ ৷ ৰাইজৰ দল, কংগ্ৰেছ, অজাপ, বাঁওপন্থী দলসহ বৃহৎ সংখ্যক সমৰ্থক লৈ নাথে মনোনয়নপত্ৰ দাখিল কৰে শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত ৷ তেজপুৰৰ উন্নয়নৰ স্বাৰ্থত এইবেলি সমষ্টিবাসীয়ে পৰিৱৰ্তন বিচৰাৰ কথা উল্লেখ কৰে নাথে ৷

আনহাতে, সাংস্কৃতিক নগৰী তেজপুৰত এইবেলি অলক নাথৰ মূল প্ৰতিদ্বন্দী পৃথ্বীৰাজ ৰাভাক সাংস্কৃতিক ক্ষেত্ৰখনত অগ্ৰজ স্বৰূপে সন্মান প্ৰদৰ্শন কৰি সাংস্কৃতিক ক্ষেত্ৰৰ বিপৰীতে ৰাজনৈতিক ক্ষেত্ৰৰ যুঁজ সুকীয়া হ'ব বুলি উল্লেখ কৰে ৰাইজৰ দলৰ প্ৰাৰ্থী নাথে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande