
গুৱাহাটী, ২২ মাৰ্চ (হি.স.)। স্বাধীনোত্তৰ কালত গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ পৰা আৰম্ভ কৰি বিমলা প্ৰসাদ চলিহালৈকে অসমৰ কংগ্ৰেছ চৰকাৰসমূহে অসমীয়া জাতীয়তাবাদৰ ধাৰাটোক শক্তিশালীভাৱে ধৰি ৰখাই নহয়, বহুক্ষেত্ৰত কেন্দ্ৰৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্ত সমূহৰো মুকলিকৈ বিৰোধীতা কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক সকলো দিশৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ প্ৰচেষ্টা চলাইছিল ৷ কিন্তু পৰৱৰ্তী সময়ৰ কংগ্ৰেছ চৰকাৰসমূহ কেৱল ভোটৰ স্বাৰ্থতেই দৃষ্টিকটু ভাৱে বংগমূলীয় মুছলমান লোকৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল যিটো অসমীয়া জাতিৰ বাবে এক অভিশাপ হৈ পৰিল৷
আজি বাজপেয়ী ভৱনত এক সংবাদমেল সম্বোধন কৰি দলৰ মুখপাত্ৰ কিশোৰ কুমাৰ ভট্টাচাৰ্যই কয় যে, বংগমূলীয় মুছলমান লোকৰ এই আগ্ৰাসনৰ ফলশ্ৰুতিতেই মঙ্গলদৈ লোকসভা সমষ্টিৰ তদানীন্তন সাংসদ হীৰালাল পাটোৱাৰী মৃত্যুৰ পিছত হোৱা উপ-নিৰ্বাচনৰ সময়ত ভোটৰ তালিকাত কেইবা হাজাৰ সন্দেহজনক লোকৰ অন্তৰ্ভূক্তিৰ ঘটনাৰ আঁত ধৰি ১৯৭৯ চনত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসমত বিদেশী বহিষ্কাৰ আন্দোলন আৰম্ভ হৈছিল৷ অসম চুক্তি সম্পাদনৰ যোগেদি ১৯৮৫ চনত এই আন্দোলনৰ পৰিসমাপ্তি ঘটিলেও অসমৰ পৰৱৰ্তী ৰাজনৈতিক ঘটনা প্ৰবাহে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণক সন্দেহজনক বিদেশী নাগৰিকৰ আগ্ৰাসনৰ পৰা সুৰক্ষিত কৰিব নোৱাৰিলে৷ বৰং অসমৰ মঠ-মন্দিৰ, সত্ৰ, বনাঞ্চল আদিত তেওঁলোকৰ অবাধ বেদখল অব্যাহত থাকিল আৰু সমান্তৰালভাৱে সেই ঠাইসমূহত সন্দেহজনক লোকসকলে ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰি ৰাজনৈতিক আগ্ৰাসনো অব্যাহত ৰাখিলে ৷ ৰাজ্যখনৰ প্ৰায় ৬৩ লাখ বিঘা ভূমি এই বেদখলকাৰী সকলৰ হস্তগত হ’ল৷ অসমৰ কংগ্ৰেছ চৰকাৰে পালন কৰি গ’ল নীৰৱ দৰ্শকৰ ভূমিকা৷ কিন্তু ২০১৬ চনত অসমত বিজেপি চৰকাৰ অহাৰ পিছত প্ৰথমবাৰৰ বাবে বংগমূলীয় মুছলমানৰ এই আগ্ৰাসনক ভেটা দিবলৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ’ল ৷
তাৰে প্ৰথম পদক্ষেপ হিচাপে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ প্ৰায় ১২০০ বিঘা ভূমি বেদখলমুক্ত কৰি তাত বিজেপি চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিলে৷ কেৱল সেয়াই নহয় বিজেপি চৰকাৰে যোৱা সময়ছোৱাত প্ৰায় ১.৫ লাখ বিঘা এনে বেদখলীকৃত ভূমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে এনডিএ চৰকাৰৰ দ্বাৰা অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদাও প্ৰদান কৰা হৈছে৷ ৰাজ্যখনত পুনৰ চৰকাৰ গঠন হ’লে অহা ৫ বছৰত প্ৰায় ৫ লাখ বিঘা বেদখলীকৃত ভূমি উদ্ধাৰ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ ৰাজ্যৰ বিজেপি চৰকাৰখনে বংগমূলীয় মুছলমানৰ নীৰৱ আগ্ৰাসনক প্ৰতিহত কৰিবলৈ গ্ৰহণ কৰা এনে দৃঢ় পদক্ষেপত কংগ্ৰেছৰ ভোট বেংক হিচাপে পৰিচিত এইসকল লোক যথেষ্ট ক্ষুদ্ধ আৰু শংকিত হৈ পৰিছে৷ সেই কাৰণে তেওঁলোকে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰখন যিকোনো প্ৰকাৰে পতন ঘটাই পুনৰ ৰাজ্যখনত কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে উঠি পৰি লাগিছে৷ সেই কথা অসমৰ খিলঞ্জীয়া জনসাধাৰণে উপলদ্ধি নকৰাকৈ থকা নাই ৷
সেই বাবেই অহা ৯ এপ্ৰিলত হ’বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনত ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণে বৃহত্তৰ অসমীয়া জাতিৰ ভাষা-সংস্কৃতি আৰু ভৌগলিক সুৰক্ষাৰ স্বাৰ্থত পুনৰ বিজেপি নেতৃত্বাধীন এনডিএ মৰ্চাৰ চৰকাৰ আনিবলৈ যে দৃঢ় প্ৰতিজ্ঞ হৈছে তাত সন্দেহৰ কোনো অবকাশ নাই বুলি সংবাদমেলত ভট্টাচাৰ্যই দাবী কৰে ৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী