ইৰাণৰ প্ৰত্যাক্ৰমণ - ইজৰাইলৰ এফ-১৬ ভূপাতিত, পূৰ্বে লক্ষ্য কৰি লৈছিল আমেৰিকাৰ এফ-৩৫
তেহৰাণ, ২২ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত চলি থকা উত্তেজনাৰ মাজতে এক বৃহৎ পৰিঘটনাৰ সৃষ্টি হৈছে। ইৰাণৰ আকাশমাৰ্গত অনুপ্ৰৱেশ কৰা ইজৰাইলৰ এফ-১৬ যুঁজাৰু বিমানক গুলীয়াই ভূপাতিত কৰা বুলি দাবী কৰিছে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডছ কৰ্পছে। এই ঘটনাই ইৰাণ আৰু ইজ
सांकेतिक


তেহৰাণ, ২২ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত চলি থকা উত্তেজনাৰ মাজতে এক বৃহৎ পৰিঘটনাৰ সৃষ্টি হৈছে। ইৰাণৰ আকাশমাৰ্গত অনুপ্ৰৱেশ কৰা ইজৰাইলৰ এফ-১৬ যুঁজাৰু বিমানক গুলীয়াই ভূপাতিত কৰা বুলি দাবী কৰিছে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডছ কৰ্পছে। এই ঘটনাই ইৰাণ আৰু ইজৰাইলৰ মাজত ক্ৰমবৰ্ধমান সামৰিক সংঘৰ্ষক আৰু অধিক তীব্ৰতৰ কৰি তুলিছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে।

ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় টিভি চেনেল প্ৰেছ টিভিৰ তথ্য অনুসৰি ইৰাণৰ মধ্য আকাশমাৰ্গত ইজৰাইলৰ আন এখন ইজৰাইলী এফ-১৬ যুঁজাৰু বিমান ইন্টাৰচেপ্টৰ মিছাইলেৰে ধ্বংস কৰাৰ দাবী কৰিছে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডছ কৰ্পছে। ইয়াৰ পূৰ্বে ইৰাণে আমেৰিকাৰ এফ-৩৫ বিমান এখন ধ্বংস কৰিছিল। আমেৰিকাৰ প্ৰতিৰক্ষা সংস্থাই এই কথা নিশ্চিত কৰি কয় যে এই আক্ৰমণত বিমানখনৰ ক্ষতিসাধন হৈছিল যদিও ইয়াৰ পাইলটসকল কোনো ক্ষতি নোহোৱাকৈয়ে ৰক্ষা পৰে।

আই আৰ জি চিৰ জনসংযোগ বিভাগে জনোৱা অনুসৰি স্থানীয় সময় অনুসৰি পুৱা ৩:৪৫ বজাত এই অভিযান সংঘটিত হয়। সংস্থাটোৰ মতে, এতিয়ালৈকে শত্ৰুৰ ২০০ৰো অধিক আকাশী লক্ষ্য—য’ত ড্ৰ’ন, ক্ৰুজ মিছাইল, উন্নত যুদ্ধ বিমানকে ধৰি— ধ্বংস কৰা হৈছে। ইৰাণৰ ক্ৰমবৰ্ধমান প্ৰতিৰক্ষা ক্ষমতা আৰু ইয়াৰ বিমান চোৱাচিতা ব্যৱস্থাৰ উন্নতিৰ প্ৰদৰ্শন হিচাপে ইয়াক উপস্থাপন কৰা হৈছে।

ইফালে ইজৰাইলৰ সেনাই নিশ্চিত কৰিছে যে তেওঁলোকৰ এখন যুদ্ধ বিমান ইৰাণৰ ক্ষেপণাস্ত্ৰই লক্ষ্য কৰি লৈছে যদিও পাইলটজনে নিৰাপদে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়। ইজৰাইলৰ সেনাই জনোৱা মতে, বিমানখন তেওঁলোকৰ নিয়ন্ত্ৰিত ভূখণ্ডৰ পৰা উৰি আহিছিল আৰু ইৰাণত বিমান আক্ৰমণ অভিযানত আছিল।

২৮ ফেব্ৰুৱাৰীৰ পৰা পশ্চিম এছিয়াত আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধ চলি আছে । তাৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে ইজৰাইল আৰু উপসাগৰীয় অঞ্চলত থকা আমেৰিকাৰ ঘাটিসমূহত ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত সংঘাত আৰু অধিক তীব্ৰতৰ কৰি তুলিছে, যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় সমাজৰ মাজত উদ্বেগ বাঢ়িছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande