নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ পূৰ্বে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰস্তুতিৰ পৰ্যালোচনা; ২৮ তাৰিখে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী
নয়ডা, ২২ মাৰ্চ (হি.স.)। জেৱাৰত নতুনকৈ নিৰ্মাণ কৰা নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ দেওবাৰে নয়ডাত উপস্থিত হয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। প্ৰায় ডেৰ ঘণ্টা ধৰি জেৱাৰ বিমানবন্দৰত বিষয়াসকলৰ সৈতে বৈ
उत्तर प्रदेश के मुख्यमंत्री ने नोएडा इंटरनेशनल एयरपोर्ट का किया दौरा ,28 मार्च को प्रधानमंत्री करेंगे उद्घाटन


নয়ডা, ২২ মাৰ্চ (হি.স.)। জেৱাৰত নতুনকৈ নিৰ্মাণ কৰা নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ দেওবাৰে নয়ডাত উপস্থিত হয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। প্ৰায় ডেৰ ঘণ্টা ধৰি জেৱাৰ বিমানবন্দৰত বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি আৰু নিৰাপত্তাৰ ব্যৱস্থা পৰ্যালোচনা কৰি প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মাৰ্চত এই নৱনিৰ্মিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো উদ্বোধন কৰিব।

মুখ্যমন্ত্ৰী যোগী লক্ষ্ণৌৰ পৰা বিমানযোগে গাজিয়াবাদৰ হিন্দন বিমানবন্দৰত উপস্থিত হয় আৰু তাৰ পৰা হেলিকপ্টাৰেৰে নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যায়। তেওঁক আদৰণি জনায় বিজেপিৰ নেতা আৰু বিষয়াসকলে। তেওঁৰ সৈতে গৌতম বুদ্ধ নগৰত উত্তৰ প্ৰদেশ চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব দীপক কুমাৰ আৰু মুখ্যমন্ত্ৰীৰ বিশেষ সম্পাদক ঈশান প্ৰতাপ সিং উপস্থিত থাকে। তেওঁ বিমানবন্দৰত চলি থকা প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। তেওঁ বিমানবন্দৰ আৰু ৰাজহুৱা সভাস্থলী পৰিদৰ্শন কৰি নিৰাপত্তাৰ ব্যৱস্থাৰ বিষয়ে সোধা-পোছা কৰে।

ইয়াৰ পিছতে নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী যোগীয়ে বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত বিষয়াসকলে মুখ্যমন্ত্রীক অনুষ্ঠানৰ পৰিকল্পনা, নিৰাপত্তা পৰিকল্পনা, ৰাজহুৱা সভাত উপস্থিত থকাৰ আশা কৰা লোকৰ সংখ্যা আৰু তেওঁলোকৰ আসনৰ ব্যৱস্থা আদি প্রস্তুতিৰ বিষয়ে অৱগত কৰে৷ প্ৰধানমন্ত্ৰীৰ আগমনৰ নিৰাপত্তা পৰিকল্পনাও পৰ্যালোচনা কৰা হয়। মুখ্যমন্ত্ৰী যোগীয়ে ৰাজহুৱা সভাৰ বাবে এক পদ্ধতিগত পাৰ্কিং মেপ প্ৰস্তুত কৰাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা, খোৱাপানী, বিদ্যুৎ, চিকিৎসাৰ সুবিধা, অগ্নিনিৰ্বাপক, আৰু জৰুৰীকালীন সেৱাৰ সঠিক ব্যৱস্থাৰ নিৰ্দেশ দিয়ে।

গৌতম বুদ্ধ নগৰৰ সাংসদ ড° মহেশ শৰ্মা, ভাৰপ্ৰাপ্ত মন্ত্ৰী কুঁৱৰ ব্রিজেশ সিং, জেৱাৰৰ বিধায়ক ধীৰেন্দ্ৰ সিং, আৰক্ষী আয়ুক্ত লক্ষ্মী সিং, গৌতম বুদ্ধ নগৰৰ ডি এম মেঘা ৰূপম, যমুনা এক্সপ্ৰেছৱে ঔদ্যোগিক উন্নয়ন প্ৰাধিকৰণৰ চিইঅ’ ৰাকেশ কুমাৰ সিং, এচিইঅ’ শৈলেন্দ্ৰ ভাটিয়া, ডিচিপি পুনম মিশ্ৰ, এডিএম ফাইনেন্স অতুল কুমাৰ, এডিএম প্ৰশাসন মংগলেশ ডুবে, আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডৰ চিইঅ’ ক্ৰীষ্টফ শ্ৰিলমেন, চিঅ’অ’ কিৰণ জৈন, আৰু বহু সংখ্যক লোক উপস্থিত থাকে।

উপায়ুক্ত আৰক্ষী, যমুনা কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ বাবে প্ৰস্তুতি চলায়। এই ভ্ৰমণৰ সময়ত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থাও কৰা হৈছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande